খেল

July 1, 2024 9:02 PM

views 33

চেন্নাইত অনুষ্ঠিত টেষ্ট মেচত দক্ষিণ আফ্ৰিকাক ভাৰতীয় মহিলা ক্ৰিকেট দলৰ ১০ উইকেটত পৰাস্ত

চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত টেষ্ট মেচত ভাৰতৰ মহিলা ক্রিকেট দলটোৱে দক্ষিণ আফ্ৰিকাক ১০ উইকেটত পৰাস্ত কৰে। প্রথম ইনিংছত ভাৰতে চমকপ্ৰদ বেটিঙেৰে ৬টা উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি ইনিংছ ঘোষণা কৰিছিল। ভাৰতৰ হৈ প্রথম ইনিংছত শেফালী বাৰ্মাই প্ৰথমবাৰৰ বাবে দ্বিশতক আৰু স্মৃতি মান্ধানাই শতক অৰ্জন ...

July 1, 2024 6:47 PM

views 29

আইচিচি টি২০ বিশ্বকাপ জয়ী ভাৰতীয় দললৈ বিচিচিআইৰ ১২৫ কোটি টকা

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ বর্ডে আইচিচি-টি-টুৱেণ্টী বিশ্বকাপৰ খিতাপ জয় কৰাৰ বাবে ভাৰতীয় দললৈ ১২৫ কোটি টকাৰ প্ৰাইজমানী ঘোষণা কৰিছে। শনিবাৰৰ নিশা কেনচিংটন অ’ভেলত ভাৰতৰ ঐতিহাসিক জয়ৰ পাছতে বিচিচিআইৰ সচিব জয় শ্বাহে এই কথা ঘোষণা কৰে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰীশ্বাহে কয় যে ভাৰতীয় দলে সমগ্র টুৰ্ন...

June 30, 2024 7:53 PM

views 38

ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াৰৰাজীৰ সোণৰ পদক অৰ্জন

ভাৰতৰ জ্যোতি য়াৰৰাজীয়ে আজি পঞ্চকুলাত আয়োজিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্‌ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট ৬ ছেকেণ্ডত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰে। আনহাতে পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছত তেজছ শীর্ষে ১৩ মিনিট ৫৪ ছেকেণ্ডত নিৰ্দিষ্ট দূৰত্ব অতি...

June 30, 2024 7:23 PM

views 34

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে

চেন্নাইত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ মহিলা টেষ্ট ক্রিকেটৰ আজি তৃতীয় দিনাৰ খেলৰ অন্তত দক্ষিণ আফ্রিকা দ্বিতীয় ইনিংচত ১০৫ ৰানত পিছপৰি আছে। উল্লেখযোগ্য যে খেলখনত ভাৰতে টচত জিকি প্রথমে বেট ধৰি ৬ উইকেটৰ বিনিময়ত ৬০৩ ৰান কৰি প্ৰথম ইনিংচ ঘোষণা কৰে। ভাৰতৰ হৈ শেফালি বাৰ্মাই ২০৫ ৰান আৰু স্মৃতি মান...

June 30, 2024 5:43 PM

views 41

পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত অহা মাহত আৰম্ভ হ'বলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত টকিঅ' অলিম্পিকত ভাৰতৰ দলটোৱে কৰা প্ৰদৰ্শনে দেশবাসীৰ মন জয় কৰে। প্রধানমন্ত্রী মোদীয়ে সমাগত ...

June 30, 2024 11:50 AM

views 67

ভাৰত বেডমিণ্টন এছীয়া জুনিয়ৰ মিক্সড টীম চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ

ভাৰত, ইণ্ডোনেছিয়াৰ জাকাৰ্টাত অনুষ্ঠিত বেডমিণ্টন এছীয়া জুনিয়ৰ মিক্সড টীম চেম্পিয়নশ্বিপৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। প্রি-কোৱাৰ্টাৰ খেলত ভাৰতে ফিলিপাইনছক ৩-২ ফলাফলত পৰাজিত কৰে। আজি ভাৰতে আয়োজক দেশ ইণ্ডোনেচিয়াৰ বিৰুদ্ধে খেলিব। পৰহি অনুষ্ঠিত গ্রুপ-চিৰ উদ্বোধনী খেলখনত ভিয়েটনামাক ৫-০ ফলাফলত পৰা...

June 30, 2024 11:52 AM

views 56

ভাৰতৰ মালবিকা বন্স’ড়ে ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ

ভাৰতৰ মালবিকা বন্স'ড়ে টেক্সাছত অনুষ্ঠিত ইউ এছ অপেন বেডমিণ্টন প্রতিযোগিতাৰ মহিলাৰ ছিংগলছৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। বিশ্বৰ ৪৯ নম্বৰ স্থানৰ মালবিকাই কালি কোৱাৰ্টাৰ ফাইনেলত বিশ্বৰ ২২ নম্বৰ স্থানৰ খেলুৱৈ তথা কমনৱেলথ গেমছত দুবাৰকৈ পদক বিজয়ী স্কটলেণ্ডৰ কিৰ্ত্তি গিল্মৰক ১০-২১, ২১-১৫, ২১- ১০ গেমত পৰাস্ত ...

June 30, 2024 11:41 AM

views 63

১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে ভাৰতৰ আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল

ভাৰতে যোৱানিশা দক্ষিণ আফ্রিকাক ৭ ৰানত পৰাস্ত কৰি ১৭ বছৰৰ পাছত দ্বিতীয়বাৰৰ বাবে আই চি চি টি-টুৱেণ্টি বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ খিতাপ দখল কৰে। ভাৰতে কিংস্টন অভেলত অনুষ্ঠিত খেলখনত প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ বিৰাট কোহলিৰ ৭৬ আৰু অক্সৰ পেটেলৰ ৪৭ ৰানৰ সহায়ত নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১৭৬ ...

June 29, 2024 8:43 PM

views 32

ভূটানত অনুষ্ঠিত ইণ্ডো-ভূটান কুংফু-ৱুচু প্ৰতিযোগিতাত বাক্সাৰ বিজন বসুমতাৰীৰ সোণ, চোমদন বসুমতাৰীৰ ৰূপৰ পদক লাভ

ভূটানত অনুষ্ঠিত ইণ্ডো-ভূটান কুংফু-ৱুচু প্ৰতিযোগিতাত বাক্সাৰ দুগৰাকী খেলুৱৈয়ে পদক লাভ কৰিছে। প্ৰতিযোগিতাত বিজন বসুমতাৰীয়ে সোণৰ পদক আৰু চোমদন বসুমতাৰীয়ে ৰূপৰ পদক অৰ্জন কৰে। উল্লেখযোগ্য যে অসম কুংফু ফেডাৰেচনৰ সহযোগত এই প্রতিযোগিতাত জিলাখনৰ তিনিগৰাকী খেলুৱৈয়ে অংশগ্রহণ কৰিছিল।

June 29, 2024 6:38 PM

views 22

টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত ভাৰতৰ মালবিকা বেনছ’ড

ভাৰতৰ মালবিকা বেনছ’ডে টেক্সাছত চলি থকা ইউ এছ অ’পেন বেডমিণ্টন প্রতিযোগিতাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে। তেওঁ কোৱাৰ্টাৰ ফাইনেলত স্কটলেণ্ডৰ কিৰষ্টি গীলমোৰক ১০-২১, ২১-১৫, ২১-১০ গেমত পৰাজিত কৰে। ভাৰতীয় খেলুৱৈগৰাকীয়ে আজি নিশা জাপানৰ নাটছুকি নিডাইৰাৰ বিৰুদ্ধে ছেমিফাইনেল খেলিব। ইপিনে, প্রতিযোগিতাৰ পুৰুষৰ ছিং...