প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আকাশবাণীৰ মন কী বাত অনুষ্ঠানত অহা মাহত আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকৰ কথা উল্লেখ কৰে। তেওঁ অলিম্পিকত অংশগ্ৰহণ কৰিবলগীয়া ভাৰতীয় দলটোক শুভেচ্ছা জ্ঞাপন কৰিছে। তেওঁ কয় যে, বিগত টকিঅ’ অলিম্পিকত ভাৰতৰ দলটোৱে কৰা প্ৰদৰ্শনে দেশবাসীৰ মন জয় কৰে। প্রধানমন্ত্রী মোদীয়ে সমাগত পেৰিছ অলিম্পিকতো প্ৰথমবাৰৰ বাবে নিশ্চিতভাৱে আৰু ভাল প্ৰদৰ্শন দেখিবলৈ বুলি মত প্ৰকাশ কৰিছে। শ্রীমোদীয়ে কয় যে, সমগ্র দেশে খেলুৱৈসকলে পদক অৰ্জন কৰি ঘৰলৈ ঘুৰি আহিব বুলি সমগ্র দেশে আশাৰে বাট চাই আছে। তেওঁ কয় যে, অনাগত দিনত তেওঁ ভাৰতীয় দলটোৰ সৈতে মিলিত হব আৰু দেশৰ হৈ তেওঁলোকক সাহস যোগাব। তেওঁ জনসাধাৰণক #Cheer 4 Bharat ত ভাৰতীয় দলটোক উৎসাহ দিবলৈ আহ্বান জনায়।
Assamese | June 30, 2024 5:43 PM | Maan ki Baat
পেৰিছ অলিম্পিকত ভাগ ল’বলগীয়া ভাৰতীয় দলটোক প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ শুভেচ্ছা