July 14, 2026 1:03 PM | India-England ODI

printer

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ আজি প্ৰথমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজত হ’বলগীয়া তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি বাৰ্মিহামৰ এডগবাষ্টনত অনুষ্ঠিত হ’ব। ভাৰতীয় সময় অনুসৰি খেলখন বিয়লি চাৰে তিনি বজাত অনুষ্ঠিত হ’ব। এই প্রতিযোগিতাত ভাৰতীয় দলটোত বিৰাট কোহলি, ৰোহিত শৰ্মা, যশপ্রীত বুমৰাই অংশগ্ৰহণ কৰিব। আয়াৰলেণ্ড আৰু ইংলেণ্ডৰ বিৰুদ্ধে টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলাত পৰাজিত হোৱাৰ পাছত ভাৰতে এই প্রতিযোগিতাত জয়ৰ বাবে প্রচেষ্টা চলাব।

শুভমন গীল নেতৃত্বাধীন ভাৰতীয় দলটোৱে অহা বৃহস্পতিবাৰে কার্ডিফত দ্বিতীয়খন এদিনীয়া খেলাৰ বিপৰীতে অহা ১৯ জুলাইত লর্ডছত তৃতীয় তথা অন্তিমখন খেলত অবতীর্ণ হ’ব।