ভাৰতৰ জ্যোতি য়াৰৰাজীয়ে আজি পঞ্চকুলাত আয়োজিত ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত সোণৰ পদক অৰ্জন কৰে। খেলুৱৈগৰাকীয়ে ১৩ মিনিট ৬ ছেকেণ্ডত নিৰ্ধাৰিত দূৰত্ব অতিক্ৰম কৰে। আনহাতে পুৰুষৰ ১১০ মিটাৰ হাৰ্ডলছত তেজছ শীর্ষে ১৩ মিনিট ৫৪ ছেকেণ্ডত নিৰ্দিষ্ট দূৰত্ব অতিক্ৰম কৰি সোণৰ পদক অৰ্জন কৰে। দুয়োগৰাকী খেলুৱৈয়ে পেৰিছ অলিম্পিকলৈ যোগ্যতা অর্জন কৰাৰ সম্ভাৱনা আছে।
Assamese | June 30, 2024 7:53 PM | Inter State Senior Athletics
ৰাষ্ট্ৰীয় আন্তঃৰাজ্যিক ছিনিয়ৰ এথলেটিক্ছ প্ৰতিযোগিতাৰ মহিলাৰ ১০০ মিটাৰ হাৰ্ডলছত জ্যোতি য়াৰৰাজীৰ সোণৰ পদক অৰ্জন