জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ ধাৰাবাহিক বিচাৰ প্ৰক্ৰিয়া ন্যায়াধীশ শর্মিলা ভূঞাৰ ফাষ্ট ট্রেক আদালতত চলি আছে। আদালতত আজি জুবিন গাৰ্গৰ ভগ্নী ভগ্নী পামী বৰঠাকুৰে সাক্ষ্য দিব। কালি সময়ৰ অভাৱৰ বাবে আদালতৰ মজিয়াত জুবিন গাৰ্গৰ বন্ধু জয়ন্ত কাকতিৰ সাক্ষ্য প্রদান প্রক্রিয়া সম্পূর্ণ নোহোৱা বাবে আদালতে আজি পুনৰ কাকতিৰ সাক্ষ্য গ্রহণ কৰিব।
ফাষ্ট ট্রেক আদালতৰ গোচৰৰ ধাৰা আৰোপৰ নিৰ্দেশক প্রত্যাহ্বান জনাই অভিযুক্ত সিদ্ধার্থ শর্মাই দাখিল কৰা এখন আবেদনৰ শুনানি কালি গুৱাহাটী উচ্চ ন্যায়ালয়ে গ্ৰহণ কৰে। অভিযুক্ত সিদ্ধার্থ শৰ্মাৰ হৈ অধিবক্তাই যুক্তি প্ৰদৰ্শন কৰাৰ পাছত আদালতে আবেদনখনৰ পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে। অভিযুক্ত সন্দীপন গার্গে জুবিন গাৰ্গৰ মৃত্যুৰ সমগ্ৰ গোচৰটোক প্রত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ত এখন আবেদন দাখিল কৰে। এই আবেদনখনৰ শুনানি গ্ৰহণৰ পাছত আদালতে অহা ২১ জুলাইত পৰৱৰ্তী শুনানিৰ দিন ধার্য কৰে।