আঞ্চলিক সংবাদ

July 18, 2026 11:10 AM

views 28

আধাৰৰ অধীনত অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে অসম আৰক্ষীৰ স্বীকৃতি

অসম আৰক্ষীয়ে আধাৰৰ অধীনত অফলাইন ভেৰিভিকেচন ছিকিং এণ্টিটি - অ’ ভি এছ ই হিচাপে পঞ্জীয়ন কৰা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো আৰু দেশৰ তৃতীয়টো ৰাজ্যিক সংস্থা হিচাপে স্বীকৃতি লাভ কৰিছে।  এই ব্যৱস্থাৰ জৰিয়তে এতিয়া আৰক্ষীৰ তহলদাৰীৰ দলে চালক বা কোনো ব্যক্তিৰ আধাৰকাৰ্ড পৰিচয় পত্ৰত থকা কিউ আৰ ক’ড স্কেন কৰি তৎক...

July 18, 2026 11:08 AM

views 9

শ্ৰীভূমি জিলাত হ’বলগীয়া মন্ত্ৰী কৃষ্ণেন্দু পালৰ পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত

জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা উন্নয়ন আৰু পাৰ্বত্য অঞ্চল বিভাগৰ মন্ত্ৰী কৃষ্ণেন্দু পালৰ আজি শ্ৰীভূমি জিলাত হ'বলগীয়া পর্যালোচনা বৈঠকখন সাময়িকভাৱে স্থগিত ৰখা হৈছে। অনিবাৰ্য কাৰণত আজি দুপৰীয়া ১২ বজাৰ পৰা জিলাখনৰ আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত হ'বলগীয়া বৈঠকখন স্থগিত ৰখা হৈছে। পৰ্যালোচনা বৈঠকৰ পৰৱৰ...

July 18, 2026 11:06 AM

views 22

মাজুলীৰ বৰবীল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ ১১জন লোক চিকিৎসাধীন

মাজুলী জিলাৰ নতুন বজাৰ অঞ্চলৰ বৰবীল গাঁৱত খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হৈ ১১ জন লোক চিকিৎসাধীন হ'বলগীয়া হৈছে। গাঁওখনত কালি এঘৰত আয়োজিত এটা অনুষ্ঠানত খাদ্য গ্ৰহণৰ পাছতে লোকসকল অসুস্থ হৈ পৰে। অসুস্থ লোকসকলক সংকটজনক অৱস্থাত মাজুলীৰ গড়মূৰৰ জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

July 18, 2026 11:04 AM

views 25

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ পঞ্চম সমাৱৰ্তন সমাৰোহ

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কালি আন্তঃৰাষ্ট্ৰীয় শিক্ষাৰ্থীসকলৰ পঞ্চম সমাৱৰ্তন সমাৰোহৰ আয়োজন কৰা হয়। সমাৱৰ্তনত জাম্বিয়া, কেনিয়া, লাওছ আৰু য়েমেনৰ পাঁচগৰাকী শিক্ষাৰ্থীক অর্থনীতি, কম্পিউটাৰ বিজ্ঞান, পেট্ৰ'লিয়াম প্রযুক্তি, অভিযান্ত্রিক বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী প্ৰদান কৰা হয়।  সমাৱৰ্তনত ডিব্ৰুগড় ব...

July 18, 2026 11:02 AM

views 20

নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰেঃ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ

দেশৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে নিৰ্বাচন সম্পৰ্কীয় ভুল আৰু বিভ্ৰান্তিকৰ তথ্যই দেশৰ চৰম বিপদ মাতি আনিব পাৰে বুলি মন্তব্য কৰিছে। কালি নতুন দিল্লীত আয়োজিত সৰ্বভাৰতীয় সাংবাদিক সন্মিলনত মুখ্য অতিথি হিচাপে ভাগ লৈ তেওঁ আৰু কয়, যে আয়োগৰ অধীনত দেশৰ সকলো নিৰ্বাচন মুক্ত আৰু নিকা ব্যৱস্থাৰে পৰিচ...

July 18, 2026 11:00 AM

views 21

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব।  অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শ...

July 18, 2026 9:42 AM

views 31

দেশৰ ২০খন ৰাজ্যত ৭৫টা ৰে’ল ষ্টেচন মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি পাঞ্জাবৰ জলন্ধৰৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে দেশৰ ২০ খন ৰাজ্যৰ নৰূপত সজাই তোলা ৭৫ টা ৰে'ল ষ্টেচন মুকলি কৰে। বিশ্বৰ সৰ্ববৃহৎ পুনৰ নিৰ্মাণ কাৰ্যসূচী অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত এই ষ্টেচনসমূহ আধুনিক ৰূপত সজাই তোলা হৈছে।  প্ৰায় এহেজাৰ ৫৭০ কোটি টকাৰে পু...

July 18, 2026 9:32 AM

views 36

বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত আজি ইংলেণ্ড-ফ্ৰান্স

ফ্রান্স আজি নিশা মিয়ামি ষ্টেডিয়ামত হ'বলগীয়া বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ তৃতীয় স্থান নিৰ্ধাৰণৰ খেলত ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা আঢ়ৈ বজাত আৰম্ভ হ'ব। বিশ্বকাপত ১৯৩৪ চনৰ পৰা তৃতীয় স্থান নিৰ্ধাৰণৰ খেল অনুষ্ঠিত হৈ আহিছে। অকল ১৯৫০ চনৰ প্ৰতিযোগিতাৰ এই খেল অনুষ্ঠিত কৰা...

July 17, 2026 8:44 PM

views 14

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি

বিয়লিৰ ভাগত অহা এজাক বৰষুণৰ ফলত মহানগৰীৰ যোৰাবাটৰ নমাইল আৰু দহমাইলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে। এই কৃত্রিম বানৰ ফলত গুৱাহাটী যান বাহন আৰক্ষীয়ে জৰুৰী পথ নিৰ্দেশনা জাৰি কৰিছে। এই নির্দেশনা অনুযায়ী উজনি অসমৰ পৰা গুৱাহাটী অভিমুখী আহিবলগীয়া বাহনসমূহ সোনাপুৰৰ ডিগাৰু হৈ আহিবলৈ কোৱা হৈছে। একেদৰে গুৱাহাটীৰ...

July 17, 2026 7:16 PM

views 18

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ

মৰিগাঁও জিলাৰ মাণিকপুৰ আঞ্চলিক খেলপথাৰখন মিনি ষ্টেডিয়াম হিচাপে পুনৰ নিৰ্মাণ কৰা হৈছে। মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীয়ে আজি নৱ-নির্মিত মিনি ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে মুকলি কৰে। প্ৰায় ১২ কোটি ৬৪ লাখ টকা ব্যয় সাপেক্ষে ষ্টেডিয়ামখন নিৰ্মাণ কৰা হৈছে। এই ষ্টেডিয়ামখনতে পৰহিলৈৰ পৰা পিলিক চৌধুৰী আন্ত...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।