আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক এটি লাইভ ফ’ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ’ব।
অনুষ্ঠানত ভাগ ল’ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে।
অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ৯৪৩৫৪-০৫২২৩ আৰু ০৩৬১-২৬৬১৮৭৬ এই দুটা নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীৰ সৈতে পোনপটীয়াকৈ কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব জিণ্টি ৰাণী ডেকাই।