July 18, 2026 11:00 AM

views 23

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ’ বিষয়ক আলোচনা

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘স্কুল বেগৰ বোজা : শিশুৰ সোণালী শৈশৱৰ হেঙাৰ' বিষয়ক এটি লাইভ ফ'ন ইন অনুষ্ঠান প্ৰচাৰ কৰা হ'ব।  অনুষ্ঠানত ভাগ ল'ব শিশু ৰোগ বিশেষজ্ঞ, লেখক তথা অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ সচিব ডাঃ নাৰায়ণ শৰ্মা আৰু অসম ৰাজ্যিক প্রাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক তথা অখিল ভাৰতীয় প্ৰাথমিক শিক্ষক সংঘৰ কাৰ্যকৰী সভাপতি ৰাতুল চন্দ্ৰ গোস্বামীয়ে।  অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে ৯৪৩৫৪-০৫২২৩ আৰু ০৩৬১-২৬৬১৮৭৬ এই দুটা নম্বৰত ফোন কৰি স...

November 23, 2025 11:34 AM

views 43

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত বিশেষ দৃষ্টিপাত অনুষ্ঠান

সাম্প্রতিক সময়ত মাতৃভাষা মাধ্যমত অধ্যয়ন কৰা পৰীক্ষার্থীয়ে প্রতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাত অন্তৰায়ৰ সৃষ্টি হৈছে নেকি এই বিষয়ত কালি আকাশবাণী গুৱাহাটীৰ এটা বিশেষ দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানত অংশ লৈ অধিবক্তা তথা সমাজকর্মী কৈলাস চন্দ্র শর্মাই অসম লোকসেৱা আয়োগে প্রশাসনীয় পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাত অসমীয়া মাধ্যমৰ ছাত্র ছাত্রীৰ অংশগ্রহণৰ তথ্য সন্দৰ্ভত তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লোৱা পদক্ষেপ সন্দর্ভত কয়। জ্যেষ্ঠ সাংবাদিক জিতুমণি বৰাই প্রশাসনীয় পদত মাতৃভাষা বা আঞ্চলিক ভাষাৰ গুৰ...

November 9, 2025 11:25 AM

views 66

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাতত প্রাক্তন বাতৰি পৰিবেশকৰ মনৰ ভাব আৰু অভিজ্ঞতাৰ কথা সোঁৱৰণ

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি নিশা আঞ্চলিক বাতৰি বিভাগৰ কেইবাগৰাকী প্রাক্তন বাতৰি পৰিবেশকে নিজৰ মনৰ ভাব আৰু অভিজ্ঞতা ব্যক্ত কৰে। অনুষ্ঠানত অংশ লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগৰ সহকাৰী অধ্যাপক ড০ ভাৰতী ভড়ালীয়ে বাতৰি বিভাগৰ সৈতে জড়িত হোৱাৰ মধুৰ অভিজ্ঞতাৰ কথা সোঁৱৰণ কৰে। তেওঁ লগতে সময়ৰ দ্রুত পৰিৱৰ্তনৰ সৈতে তাল মিলাই আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে বুলি মন্তব্য কৰে। অনুষ্ঠানত প্ৰাক্তন বাতৰি পৰিবেশক তথা জ্যেষ্ঠ পশু চিকিৎসা বিষয়া ডাঃ অবনি...

November 2, 2025 11:52 AM

views 58

আকাশবাণীৰ দৃষ্টিপাতত ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰ বিজয়ীসকলৰ অনুভৱ

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগে আয়োজন কৰা ষষ্ঠ গোলাপ শইকীয়া সোঁৱৰণী বাতৰি পৰিৱেশন প্রতিযোগিতা ২০২৫ৰ পুৰস্কাৰ বিজয়ীসকলৰ অনুভৱেৰে কালি দৃষ্টিপাত অনুষ্ঠান প্ৰচাৰ কৰা হয়। অনুষ্ঠানত প্ৰথম পুৰস্কাৰ বিজয়ী নিষ্ঠা বৰগোহাঁই, দ্বিতীয় দিব্যা আত্রেয়ক, তৃতীয় স্থানপ্রাপ্ত অন্বেষা ফুকন আৰু ৰোহিত গাওঁখোৱাই আকাশবাণীৰ সৈতে জড়িত হোৱাৰ এই অভিজ্ঞতাৰ কথা উল্লেখ কৰাৰ লগতে সামাজিক মাধ্যমৰ ব্যাপক প্রচলনৰ সময়ত এই মাধ্যমৰ ইতিবাচক আৰু নেতিবাচক দিশৰ বিষয়ে মত ব্যক্ত কৰে। দৃষ্টিপাত অনুষ্ঠানটোৰ আঁত ধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি ...

September 12, 2025 8:14 PM

views 45

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কাইলৈ ‘বিশেষ দৃষ্টিপাত’ অনুষ্ঠান

প্রধানমন্ত্ৰীৰ অসম, মণিপুৰ আৰু মিজোৰাম ভ্ৰমণ সন্দৰ্ভত আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত এটা বিশেষ দৃষ্টিপাত প্ৰচাৰ কৰিব। এই অনুষ্ঠানত আকাশবাণীৰ আইজল আৰু ইম্ফলৰ সংবাদদাতা দুগৰাকীও টেলিফোনযোগে সংযুক্ত হ'ব। জ্যেষ্ঠ সাংবাদিক মনীষ গোস্বামী, এট্ৰনৰ পৰামৰ্শদাতা বসন্ত বৰঠাকুৰ আৰু পথ অভিযান্ত্ৰিক বিষয়ৰ পৰামৰ্শদাতা ত্রিদীপ চাংমাইয়ে অংশগ্রহণ কৰিবলগীয়া অনুষ্ঠানটোৰ পৰিকল্পনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। এই অনুষ্ঠান ৰাজ্যখনৰ কেইবা...

August 31, 2025 11:50 AM

views 68

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজনঃ সাংবাদিক হাইদৰ হুছেইন

সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ বাবে অধিকাংশ লোকৰ মনত সংস্কাৰকামী আৰু পৰিৱৰ্তনমুখী চিন্তাৰ উদ্ৰেক হোৱাৰ প্ৰয়োজন। আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত কালি বর্ষীয়ান সাংবাদিক হাইদৰ হুছেইনে এই মন্তব্য কৰে। অনুষ্ঠানটোত সাংবাদিকগৰাকীয়ে তেওঁৰ সাংবাদিকতাৰ আৰম্ভণিৰ সময়ৰে পৰা বিভিন্ন ৰাজনৈতিক, সামাজিক উত্থান-পতনৰ সাক্ষী হোৱাৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰে। জ্যেষ্ঠ সংবাদিকগৰাকীয়ে সমসায়িক ৰাজনীতি আৰু সামাজিক প্রেক্ষাপট সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰি সমাজত সুস্থ আৰু গঠনমূলক সমালোচনাৰ অভাৱ হৈছে বুলিও মন্ত...

July 25, 2025 1:05 PM

views 58

আকাশবাণী গুৱাহাটীৰ শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত বিশেষ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত ইয়াৰ দৃষ্টিপাতত ‘গ্রীষ্মকালীন শিবিৰ’ সম্পৰ্কত এটা বিশেষ অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত আয়োজিত গ্রীষ্মকালীন শিবিৰৰ প্ৰাসংগিকতা সন্দৰ্ভত আকাশবাণীৰ সংবাদদাতা আৰু আন কেইগৰাকীমান অভিজ্ঞ ব্যক্তিয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটোৰ পৰিকল্পনা আৰু প্ৰযোজনা পৰিস্মিতা দিহিঙীয়া আৰু অৰুণিমা গোস্বামীৰ।

July 20, 2025 12:37 PM

views 55

আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত সু-সাহিত্যিক আৰুণি কাশ্যপৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত আলোকপাত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ জৰ্জিয়া বিশ্ববিদ্যালয়ৰ ক্ৰিয়েটিভ ৰাইটিং বিভাগৰ সহযোগী অধ্যাপক তথা অসমীয়া আৰু ইংৰাজী ভাষাৰ সু-সাহিত্যিক আৰুণি কাশ্যপে কালি আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত তেওঁৰ সাহিত্যিক সৃষ্টিৰাজী সন্দৰ্ভত বিস্তৃতভাৱে আলোকপাত কৰে। আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ সৈতে হোৱা কথোপকথনত কৃষ্ণাংগ আমেৰিকান আৰু জনজাতীয় আমেৰিকান সাহিত্যিকৰ সাহিত্যকর্মই অনুপ্ৰাণিত কৰা বুলি শ্ৰী কাশ্যপে উল্লেখ কৰে। তেওঁ কয়, যে অসমৰ থলুৱা পটভূমিক ৰচিত সাহিত্যকো বিশ্ব দৰবাৰলৈ লৈ য...

July 13, 2025 1:45 PM

views 56

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা

শিক্ষা ব্যৱস্থাত মানৱীয় মূল্যবোধৰ সংযোজনে শিক্ষাৰ্থীসকলক নৈতিক আৰু মানৱীয় শক্তিৰে শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ সমাজ গঢ় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না দেৱী ভাগৱতীয়ে এইদৰে মত প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি শিক...

July 10, 2025 10:57 PM

views 62

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰৰ ‘দৃষ্টিপাত’ত ‘মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা’ সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটীৰ অহা শনিবাৰে নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থা সন্দৰ্ভত এটা আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অসম মাধ্যমিক শিক্ষা পৰিষদ (ছেবা)ৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না ভাগৱতীয়ে অংশগ্রহণ কৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব অৰুণিমা গোস্বামীয়ে।