July 13, 2025 1:45 PM | air ghy dristipat

printer

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ ‘দৃষ্টিপাত’ অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা

শিক্ষা ব্যৱস্থাত মানৱীয় মূল্যবোধৰ সংযোজনে শিক্ষাৰ্থীসকলক নৈতিক আৰু মানৱীয় শক্তিৰে শক্তিশালী কৰি তোলাৰ লগতে এখন সুস্থ সমাজ গঢ় দিয়ে। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ কালি নিশা প্ৰচাৰিত দৃষ্টিপাত অনুষ্ঠানত মূল্যবোধ আধাৰিত শিক্ষা ব্যৱস্থাৰ বিষয়ে আলোচনা কৰি ছেবাৰ প্ৰাক্তন অধ্যক্ষ শান্তিকাম হাজৰিকা আৰু গুৱাহাটীৰ তাৰিণী চৰণ চৌধুৰী উচ্চতৰ মাধ্যমিক বহুমুখী বালিকা বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা জ্যোৎস্না দেৱী ভাগৱতীয়ে এইদৰে মত প্ৰকাশ কৰে। তেওঁলোকে কয়, যে পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি শিক্ষা ব্যৱস্থাক মানুহ গঢ়াৰ কমাৰশাল হিচাপে গঢ় দিয়াটো শিক্ষকসকলৰ অন্যতম দায়িত্ব। তেওঁলোকে অভিভাৱকসকলকো শৈশৱৰ পৰাই তেওঁলোকৰ সন্তানক নৈতিক গুণেৰে শক্তিশালী কৰি তুলিবলৈ আহ্বান জনায়। আলোচনাত ভাগ লৈ ছেবাৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে মূল্যবোধৰ শিক্ষাৰ ক্ষেত্ৰত মূল্যায়নৰ প্রয়োজনীয়তাৰ বিষয়ত গুৰুত্ব আৰোপ কৰে। সাম্প্রতিক সমাজত দেখা দিয়া কিছুমান বিশৃংখলতা তথা মানৱীয় মূল্যবোধৰ অৱক্ষয়ৰ বিষয়ত উদ্বেগ প্ৰকাশ কৰি জ্যোৎস্না দেৱী ভাগৱতীয়ে নতুন শিক্ষানীতিত মানৱীয় মূল্যবোধৰ শিক্ষাৰ প্ৰাসংগিকতাৰ বিষয়ে উল্লেখ কৰে ৷ অনুষ্ঠানটিৰ আঁত ধৰে আকাশবাণী গুৱাহাটীৰ বাতৰি পৰিৱেশক অৰুণিমা গোস্বামীয়ে৷