আন্তৰ্জাতিক সংবাদ

July 14, 2024 6:41 PM

views 59

বন্দুকধাৰীৰ গুলীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প আহত

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডোনাল্ড ট্রাম্প যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত হোৱা গুলিচালনাত আহত হয়। গুলিচালনাৰ পাছতে সুৰক্ষা কৰ্মীয়ে ততালিকে ব্যৱস্থা গ্রহণ কৰি এজন বন্দুকধাৰীক গুলিয়াই নিহত কৰে। এই ঘটনাত অন্য এজন ব্যক্তি নিহত হয় আৰু এজন আহত হয়। ঘটনাৰ সময়ত ট্রাম্প মঞ্চৰ পৰা ব...

July 14, 2024 12:30 PM

views 51

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান  অবৈধ বিবাহ গোচৰত দোষমুক্ত

পাকিস্তানৰ ৰাজধানী ইছলামাদৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ গোচৰত দোষমুক্ত ঘোষণা কৰিছে। আদালতখনে শ্রীখানৰ বিৰুদ্ধে থকা অনা ইছলামীয় বিবাহ সম্পৰ্কীয় অভিযোগ খাৰিজ কৰিছে। ইমৰান খানৰ বিবাহৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনাই দাখিল কৰা এখন আৱেদনৰ শুনানি গ্ৰহণ কৰ...

July 13, 2024 8:55 PM

views 56

পাকিস্তানৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত ঘোষণা

পাকিস্তানৰ এখন আদালতে দেশখনৰ প্ৰাক্তন প্রধানমন্ত্ৰী ইমৰান খান আৰু তেওঁৰ পত্নীক অবৈধ বিবাহ অভিযোগৰ পৰা দোষমুক্ত বুলি ঘোষণা কৰিছে। ফেব্ৰুৱাৰীত পাকিস্তানৰ নিৰ্বাচনৰ কিছুদিন পূর্বে শ্ৰী খান আৰু তেওঁৰ পত্নী বুছৰা খানক অবৈধ বিবাহৰ অভিযোগত সাত বছৰ কাৰাদণ্ড বিহিছিল। সেই সময়ত আদালতে বুছৰা খানে পূৰ্বৰ বিবাহৰ...

July 11, 2024 2:38 PM

views 70

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। জনসংখ্যা বৃদ্ধিৰ ফলত অহা প্ৰত্যাহ্বানসমূহ আৰু সুবিধাসমূহক প্ৰতিফলিত কৰি প্ৰতিবছৰে ১১ জুলাইত এই দিৱস পালন কৰা হয়। বহনক্ষম ভৱিষ্যতৰ বাবে কাম কৰা আৰু জনসংখ্যা বৃদ্ধিৰ লগত জড়িত বিষয়সমূহৰ ক্ষেত্ৰত মোকাবিলা কৰাৰ বাবে প্ৰতিবছৰে এই জনসংখ্যা দিৱস পালন কৰা হয়। জনসংখ্যাৰ বিষয়সমূহৰ...

July 10, 2024 12:30 PM

views 72

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ

ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে এহেজাৰ কোটি ডলাৰৰ বাণিজ্যিক লক্ষ্য স্থিৰ কৰিবলৈ সন্মতি প্ৰকাশ কৰিছে। দুয়োখন দেশে ভিন ভিন ক্ষেত্ৰত সহযোগিতাৰ বাবে ৯খন চুক্তিত স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত পৰিবেশ আৰু জলবায়ু পৰিৱৰ্তন, মানচিত্র বিজ্ঞান, ধ্রুৱীয় গৱেষণা, বিনিয়োগ, বাণিজ্য আৰু ভেষজ অন্যতম। নতুন দিল্লী আৰু ম...

July 10, 2024 11:55 AM

views 63

প্ৰধানমন্ত্ৰী মোদীক ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান

ৰাছিয়া আৰু অষ্ট্ৰিয়া ভ্ৰমণলৈ যোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক কালি ৰাছিয়াৰ সৰ্বোচ্চ অসামৰিক সন্মান অৰ্ডাৰ অৱ ছেইণ্ট এন্ড্রিউ দ্য এপষ্টল আনুষ্ঠানিকভাৱে প্ৰদান কৰা হয়। দেশখনৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে শ্রীমোদীক এই সন্মান প্ৰদান কৰে। ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পর্ক বৃদ্ধিত গুৰুত্বপূৰ্...

July 7, 2024 12:05 PM

views 73

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক “বিশেষ সন্মান” বুলি অভিহিত অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰৰ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভিয়েনা ভ্রমণক অষ্ট্ৰিয়াৰ চেন্সেলৰ কাৰ্ল নেহাম্মেৰে কালি “বিশেষ সন্মান” বুলি অভিহিত কৰি কয় যে তেওঁ ইয়াৰ বাবে আগ্ৰহেৰে বাট চাই আছে। প্রধানমন্ত্রী মোডীয়ে ৯ জুলাইত মস্কোৰ পৰা অষ্ট্ৰিয়াত উপস্থিত হোৱাৰ কথা। শুকুৰবাৰে বৈদেশিক সচিব বিনয় কোৱাট্রাই আন্তঃগাঁথনি, নবীকৰণযোগ্য ...

July 7, 2024 11:53 AM

views 70

ইউৰোকাপ ফুটবলৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত

চলিত ইউৰোকাপ ফুটবল প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেল ইংলেণ্ড আৰু নেডাৰলেণ্ডছৰ মাজত অনুষ্ঠিত হ'ব। যোৱানিশা অনুষ্ঠিত কোৱাৰ্টাৰ ফাইনেলত ইংলেণ্ডে ট্রাইব্রেকাৰৰ জৰিয়তে ৫-৩ গ’লৰ ব্যৱধানত ছুইজাৰলেণ্ডক পৰাস্ত কৰে। নিৰ্ধাৰিত সময়ত খেলখন ১-১ গ’লত সমাপ্ত হোৱাৰ পাছত অতিৰিক্ত সময়তো ফলাফল নির্ণয় হোৱা নাছিল। ...

July 5, 2024 6:55 PM

views 75

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীৰ বিজয়

ব্ৰিটেইনৰ সংসদীয় নিৰ্বাচনত লেবাৰ পাৰ্টীয়ে বিপুল বিজয় সাব্যস্ত কৰিছে। দলৰ নেতা কিৰ ষ্টাৰমাৰ কনজাৰভেটিভ দলৰ ঋষি ছুনকক পৰাস্ত কৰি ব্ৰিটেইনৰ পৰবৰ্তী প্ৰধানমন্ত্ৰী হ'ব। এটা দশকতকৈও অধিক কাল বিৰোধী পক্ষত থকাৰ পাছত লেবাৰ পাৰ্টী ক্ষমতালৈ আহিছে। শেহতীয়া তথ্য অনুসৰি লেবাৰ পাৰ্টীয়ে ৬৫০ খন আসনৰ ভিতৰত ৪১০ খ...

July 3, 2024 6:27 PM

views 56

ইউক্রেইনৰ ৰাষ্ট্ৰপতিক যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰীৰ আহ্বান

হাঙ্গেৰীৰ প্ৰধানমন্ত্ৰী ভিক্টৰ অৰ্বানে মস্কোৰ সৈতে আলোচনা প্রক্রিয়া ত্বৰান্বিত কৰাৰ পথ প্রশস্ত কৰাৰ উদ্দেশ্যে যুদ্ধবিৰতিৰ বিষয়টো বিবেচনা কৰিবলৈ ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভল’দিমিৰ জেলেনস্কিক আহ্বান জনাইছে। পৰৱৰ্তী ছমাহৰ বাবে ইউৰোপীয় সংঘৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰাৰ পাছতেই প্ৰথমবাৰৰ বাবে ইউক্রেইন ভ্ৰমণল...