বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৭৭৮ গৰাকী ভাৰতীয় বিদ্যাৰ্থীয়ে স্থলপথেৰে ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি প্ৰায় ২০০ গৰাকী শিক্ষার্থী ঢাকা আৰু চট্টগ্রাম বন্দৰৰ পৰা নিয়মীয়া বিমান সেৱাৰে স্বদেশলৈ ওভতি আহিছে। মন্ত্ৰালয়ে কৈছে যে, ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু চট্টগ্রাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়োগসমূহে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত সহায় কৰি আছে। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়োগ আৰু সহকাৰী উচ্চায়োগসমূহে ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ বিভিন্ন প্ৰৱেশ পথেৰে নিৰাপদ যাত্ৰা সুগম কৰি তোলাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে বুলি বিদেশ মন্ত্ৰ্যালয়ে জানিবলৈ দিছে।
Assamese | July 21, 2024 12:13 PM | Bangladesh Violence
বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে স্বদেশলৈ উভতিল প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী