July 22, 2024 12:07 PM

views 38

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে বৰ্তমানলৈকে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ ওভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তই ভাৰতীয় লোকসকলক সীমান্ত অঞ্চললৈকে নিৰাপদে যাত্ৰা কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্রালয়ে লগতে উল্লেখ কৰিছে যে, নেপালৰ ৫০০ গৰাকী আৰু মালদ্বীপৰ এগৰাকী শিক্ষার্থীও ভাৰতত উপস্থিত হৈছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধীতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে। উল্লেখযোগ্য যে, দেশখ...

July 21, 2024 12:13 PM

views 57

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে স্বদেশলৈ উভতিল প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী

বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰায় এহেজাৰ ভাৰতীয় শিক্ষার্থী স্বদেশলৈ উভতি আহিছে। বিদেশ মন্ত্ৰ্যালয়ে কৈছে যে, ৭৭৮ গৰাকী ভাৰতীয় বিদ্যাৰ্থীয়ে স্থলপথেৰে ভাৰতলৈ ঘূৰি আহিছে। ইয়াৰ উপৰি প্ৰায় ২০০ গৰাকী শিক্ষার্থী ঢাকা আৰু চট্টগ্রাম বন্দৰৰ পৰা নিয়মীয়া বিমান সেৱাৰে স্বদেশলৈ ওভতি আহিছে। মন্ত্ৰালয়ে কৈছে যে, ঢাকাত থকা ভাৰতীয় উচ্চায়োগ আৰু চট্টগ্রাম, ৰাজশ্বাহী, চিলেট আৰু খুলনাত থকা সহকাৰী উচ্চায়োগসমূহে ভাৰতীয় নাগৰিকসকলক স্বদেশলৈ উভতি অহাত সহায় কৰি আছে। স্থানীয় কৰ্তৃপক্ষৰ সহযোগত উচ্চায়োগ ...

July 20, 2024 12:55 PM

views 45

বাংলাদেশত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ

বাংলাদেশে দেশজুৰি দেখা দিয়া অশান্ত পৰিস্থিত ৰোধ কৰাত আৰক্ষী ব্যৰ্থ হোৱাৰ পাছত সান্ধ্য আইন আৰু সামৰিক বাহিনী নিয়োগ কৰাৰ কথা ঘোষণা কৰিছে। শিক্ষাৰ্থীসকলে চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী উত্থাপন কৰাৰ পাছতে দেশখনত হিংসাৰ সূত্ৰপাত হৈছে। প্ৰদৰ্শনকাৰী শিক্ষাৰ্থী আৰু আৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত দেশখনত বৰ্তমানলৈকে কমেও ১০৫ লোকে প্ৰাণ হেৰুৱাইছে। ইপিনে, বিদেশ মন্ত্ৰ্যালয়ে বাংলাদেশত বাস কৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ আৰু আয়োগৰ সৈতে সম্পৰ্ক ৰক...

July 19, 2024 7:37 PM

views 44

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহতৰ সংখ্যা ৩৯লৈ বৃদ্ধি

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহত লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেশখনত অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে, দূৰসংযোগ ব্যৱস্থা ব্যাহত হৈছে আৰু কেইবাখনো বাতৰি কাকতৰ ৱেব ছাইট আৰু ছ'চিয়েল মিডিয়া একাউণ্ট নিশ্চিক্ৰয় কৰা হৈছে। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মোবাইল ইণ্টাৰনেট সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। দেশখনৰ আইন...