বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহত লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেশখনত অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে, দূৰসংযোগ ব্যৱস্থা ব্যাহত হৈছে আৰু কেইবাখনো বাতৰি কাকতৰ ৱেব ছাইট আৰু ছ’চিয়েল মিডিয়া একাউণ্ট নিশ্চিক্ৰয় কৰা হৈছে। প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত মোবাইল ইণ্টাৰনেট সেৱাও সাময়িকভাৱে বন্ধ ৰখা হৈছে। দেশখনৰ আইন মন্ত্রী অনিছুল হকে কৈছে যে চৰকাৰ প্ৰতিবাদকাৰীসকলৰ সৈতে আলোচনা কৰিবলৈ ইচ্ছ্যুক। ঢাকাত থকা ভাৰতীয় উচ্চায়োগে ইয়াৰ নাগৰিকসকলক স্থানীয় ভ্ৰমণৰ পৰা বিৰত থাকিবলৈ আৰু প্রয়োজন নহ’লে বাসগৃহৰ পৰা বাহিৰলৈ নোলাবলৈ পৰামৰ্শ আগবঢ়াইছে। বিদেশ মন্ত্ৰ্যালয়ে সামাজিক মাধ্যমযোগে বাংলাদেশত বাসকৰা ভাৰতীয় নাগৰিকসকলক ঢাকাত থকা উচ্চায়োগে জাৰি কৰা পৰামৰ্শাৱলী মানি চলিবলৈ অনুৰোধ জনাইছে। ইপিনে ৰাষ্ট্ৰসংঘৰ সচিবপ্রধান এণ্টনিঅ’ গুটেৰেছে বাংলাদেশৰ হিংসাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। ৰাষ্ট্ৰসংঘৰ মূৰববীগৰাকীৰ মুখপাত্ৰই কৈছে যে শ্ৰীগুটেৰেছে দেশখনৰ ঘটনাৱলী সুক্ষ্মভাৱে অনুসৰণ কৰি আছে আৰু ঢাকাৰ কৰ্তৃপক্ষসমূহৰ বৰ্তমানৰ প্ৰত্যাহ্বানৰ সমাধানসূত্ৰ উলিয়াবলৈ যুৱপ্ৰজন্মৰ সৈতে কাম কৰিবলৈ আহ্বান জনাইছে।
Assamese | July 19, 2024 7:37 PM | Bangladesh Violence
বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহতৰ সংখ্যা ৩৯লৈ বৃদ্ধি