July 22, 2024 12:07 PM | Bangladesh Violence

printer

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ প্ৰত্যাৱৰ্তন

বাংলাদেশৰ হিংসাত্মক পৰিস্থিতিৰ মাজতে বৰ্তমানলৈকে ৪,৫০০ৰো অধিক ভাৰতীয় শিক্ষার্থী দেশলৈ ওভতি আহিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা মতে, ঢাকাত থকা ভাৰতৰ উচ্চায়ুক্তই ভাৰতীয় লোকসকলক সীমান্ত অঞ্চললৈকে নিৰাপদে যাত্ৰা কৰাৰ ব্যৱস্থা কৰিছে। মন্ত্রালয়ে লগতে উল্লেখ কৰিছে যে, নেপালৰ ৫০০ গৰাকী আৰু মালদ্বীপৰ এগৰাকী শিক্ষার্থীও ভাৰতত উপস্থিত হৈছে। বাংলাদেশত যোৱা কিছুদিন ধৰি সংৰক্ষণৰ বিৰোধীতাৰে হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত শিক্ষাৰ্থীসকল নিজৰ দেশলৈ উভতি আহিছে। উল্লেখযোগ্য যে, দেশখনত বহুসংখ্যক ভাৰতীয় ছাত্ৰ-ছাত্ৰীয়ে চিকিৎসা বিজ্ঞান অধ্যয়ন কৰি আছে ৷