বিদেশী প’র্টফলিঅ’ বিনিয়োগৰাকীসকলে এই মাহত বৰ্তমানলৈকে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ কৰিছে। ইয়াৰ ভিতৰত ৩০,৭৭১ কোটি টকা ইকুইটি বজাৰত আৰু ১৩,৫৭৩ টকা ঋণ বজাৰত বিনিয়োগ কৰা হৈছে। যান-বাহন, মূলধনী সামগ্রী, স্বাস্থ্যসেৱা, তথ্য প্রযুক্তি, দূৰ সংযোগ তথা তেল আৰু গেছ খণ্ডত সৰ্বাধিক বিনিয়োগ হোৱা পৰিলক্ষিত হৈছে। বজাৰৰ প্ৰতি ইতিবাচক ভাৱধাৰা আৰু সংস্কাৰৰ ধাৰা অব্যাহত ৰখাৰ প্ৰতি সুস্থিৰ চৰকাৰৰ আশ্বাসৰ বাবেই মূলধনী বজাৰত বিনিয়োগ বৃদ্ধি পোৱা বুলি কোৱা হৈছে।
Assamese | July 21, 2024 12:38 PM | Foreign Currency
বিদেশী প’র্টফলিঅ’ বিনিয়োগৰাকীসকলে ইকুইটি আৰু ঋণ বজাৰত প্ৰায় ৪৪,৩৪৪ কোটি টকা বিনিয়োগ