আন্তৰ্জাতিক সংবাদ

July 20, 2024 12:30 PM

views 70

মাইক্ৰ’ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিত প্ৰভাৱিত ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচল ক্ৰমাৎ স্বাভাৱিক

মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ বাবে বিশ্ব জুৰি প্ৰভাৱিত বিমান পৰিবহণ সেৱাৰ পৰা স্বাস্থ্য যতনলৈ বিভিন্ন সেৱা ক্ৰমাৎ স্বাভাৱিক হ'বলৈ ধৰিছে। মাইক্ৰ'ছফ্টৰ ছফ্টৱেৰৰ খেলিমেলিৰ ফলত সমগ্ৰ বিশ্বৰ লাখ লাখ লোক প্ৰভাৱিত হৈছে। ইয়াৰ বাবে ব্যৱসায়ী, বেংকিং সেৱা, চিকিৎসালয় আৰু বিমান চলাচলৰ ক্ষেত্ৰত সৰ্বাধিক প্ৰভ...

July 19, 2024 7:37 PM

views 57

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহতৰ সংখ্যা ৩৯লৈ বৃদ্ধি

বাংলাদেশত সংৰক্ষণ বিৰোধী প্ৰতিবাদত নিহত লোকৰ সংখ্যা ৩৯লৈ বৃদ্ধি পাইছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি চৰকাৰী চাকৰিৰ বাবে সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰৰ দাবী জনাই বিদ্যাৰ্থীসকলে সাব্যস্ত কৰা প্ৰতিবাদে দেশখনত হিংসাত্মক ৰূপ ধাৰণ কৰিছে। দেশখনত অশান্ত পৰিস্থিতিৰ বাবে টেলিভিছন নিউজ চেনেলৰ সম্প্ৰচাৰ বন্ধ কৰা হৈছে,...

July 18, 2024 8:59 PM

views 58

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আৰক্ষী-প্ৰতিবাদকাৰীৰ মাজৰ সংঘৰ্ষত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত

বাংলাদেশত দেশজোৰা বন্ধৰ সময়ত আজি আৰক্ষী আৰু সংৰক্ষণ ব্যৱস্থাৰ সংস্কাৰ বাবে দাবী জনোৱা প্ৰতিবাদকাৰীৰ মাজত সংঘটিত সংঘৰ্ষৰ ফলত কমেও ৪ জন লোক নিহত হোৱাৰ লগতে শতাধিক লোক আহত হয়। প্ৰতিবাদকাৰীসকলে নিজৰ দাবী মানি লোৱা উদ্দেশ্যে ৰাষ্ট্ৰীয় ঘাইপথ অবৰোধ কৰাৰ লগতে ৰে'ল সেৱাত ব্যাঘাত জন্মায়। বাংলাদেশৰ আইন, ন্...

July 17, 2024 6:22 PM

views 48

ওমানৰ উপকূলৱৰ্তী অঞ্চলত তেল পৰিবাহী জাহাজ বুৰ যোৱাত ১৩গৰাকী ভাৰতীয়সহ ১৬গৰাকী নাৱিক সন্ধানহীন

ওমানৰ উপকূলৱৰ্তী অঞ্চলত এখন তেল পৰিবাহী জাহাজ বুৰ যোৱাৰ ফলত ১৩ গৰাকী ভাৰতীয় আৰু ৩ গৰাকী শ্ৰীলংকাৰ নাগৰিককে ধৰি জাহাজখনত থকা মুঠ ১৬ গৰাকী নাৱিকৰ কেউগৰাকীয়েই সন্ধানহীন হৈ আছে। যোৱা ১৫ জুলাইত সংঘটিত এই দুর্ঘটনাটোৰ বিষয়ে দেশখনৰ কৰ্তৃপক্ষই কালি বাতৰি প্ৰকাশ কৰিছে। ওমানৰ সমুদ্রপথৰ সুৰক্ষা কেন্দ্ৰই প্ৰক...

July 17, 2024 6:16 PM

views 53

পেৰুত পথ দুৰ্ঘটনাত ২৬জন লোক নিহত, ১২জনতকৈও অধিক লোক আহত

পেৰুত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত কমেও ২৬ জন লোকে প্রাণ হেৰুওৱাৰ লগতে আন ১২ জনতকৈও অধিক লোক আহত হৈছে। এখন যাত্রীবাহী বাছ দক্ষিণ পেৰুৰ আয়াকুচ অঞ্চলৰ লছ লিবার্টাড’ৰ্ছ ঘাইপথৰ পৰা থিয় গৰাৰে প্ৰায় ২০০ মিটাৰ তললৈ সৰি পৰা এই দুর্ঘটনাটোত আহত বাছযাত্ৰীসকলক ততাতৈয়াকৈ চিকিৎসায়লৈ নিয়া হয়। প্রায় ৪০ গৰাক...

July 16, 2024 10:41 AM

views 90

ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত

■ আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্রপতি ডনাল্ড ট্রাম্পক ৰিপাব্লিকান দলৰ ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে আনুষ্ঠানিকভাবে মনোনীত কৰা হৈছে। মিলৱাউকিত যোৱা নিশা ৰিপাব্লিকান ৰাষ্ট্ৰীয় কমিটীৰ প্ৰতিনিধিসকলৰ পৰা সংখ্যাগৰিষ্ঠ ভোট লাভ কৰাৰ পাছত তেওঁক আনুষ্ঠানিকভাৱে মনোনীত করা হয়। এয়া হ'ল ২০১৬ বৰ্ষত নির্ব...

July 15, 2024 6:50 PM

views 87

ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ’বলৈ ডনাল্ড ট্রাম্পৰ আহ্বান

আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেন আৰু তেওঁৰ ৰিপাব্লিকান প্রতিদ্বন্দ্বী ডনাল্ড ট্রাম্পে ৰাজনৈতিক বিভাজন একাষৰীয়া কৰি আমেৰিকানসকলক একত্ৰিত হ'বলৈ আহ্বান জনাইছে। পেনচিলভেনিয়াত হত্যাৰ প্ৰচেষ্টাৰ পৰা হাত সৰা ট্রাম্পে কয় যে, ৰিপাব্লিকান ৰাষ্ট্ৰীয় অধিবেশনৰ ভাষণত তেওঁ ৰাষ্ট্ৰপতি বাইডেনক সমালোচনা কৰাতকৈ ৰাষ্ট...

July 15, 2024 10:26 AM

views 67

ড’নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা ৰাষ্ট্ৰপতি বাইডেনৰ

● আমেৰিকাৰ ৰাষ্ট্ৰপতি জ' বাইডেনে প্রাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাৰ সন্দৰ্ভত স্বতন্ত্ৰ তদন্তৰ কথা ঘোষণা কৰিছে। এই তদন্তৰ জৰিয়তে নিৰাপত্তা ব্যৱস্থাত ৰৈ যোৱা ত্রুটি সমূহ বিচাৰ কৰা হ'ব। হোৱাইট হাউছৰ পৰা ভাষণ দি ৰাষ্ট্ৰপতি বাইডেনে কয় যে ড'নাল্ড ট্রাম্পৰ সমাৱেশত ৰাষ্ট্ৰীয় নিৰ...

July 14, 2024 8:36 PM

views 74

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক আক্ৰমণৰ ঘটনাক বিশ্বৰ নেতাসকলৰ গৰিহণা

আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পক যোৱা নিশা পেঞ্চেলভেনিয়াৰ এখন নির্বাচনী সভাত কৰা আক্ৰমণৰ ঘটনাক সমগ্ৰ বিশ্বৰ নেতাসকলে গৰিহণা দিছে। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধান এণ্টনিঅ' গুটেৰেছে এই আক্ৰমণৰ ঘটনাক গৰিহণা দিয়াৰ লগতে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ আশু-আৰোগ্য কামনা কৰে। আমেৰিকাৰ উপ-ৰাষ্ট্...

July 14, 2024 8:25 PM

views 83

ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছেঃ ওম বিৰলা

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছে যে ভাৰতৰ উন্নয়ন আৰু আধুনিকীকৰণৰ ক্ষেত্ৰত বিদেশত বাস কৰা ভাৰতীয়সকলৰ যথেষ্ট গুৰুত্ব আছে। মস্কোত ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলক সম্বোধন কৰি দিয়া ভাষণ প্ৰসংগত তেওঁ কয় যে, দুয়োখন দেশৰ পাৰস্পৰিক সম্পৰ্ক বৃদ্ধিৰ ক্ষেত্ৰত প্ৰবাসী ভাৰতীয়সকলে বিশেষ ভূমিকা ল'ব পাৰে। ৰাছিয়াত ব...