July 24, 2024 10:15 AM | Landslide Ethiopia

printer

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি

দক্ষিণ ইথিওপিয়াত ভূমিস্খলনৰ দুটা ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ২২৯লৈ বৃদ্ধি পাইছে। ঘটনাৰ পাছৰে পৰা ভালেমান লোক সন্ধানহীন হৈ থকাৰ পৰিপ্ৰেক্ষিতত নিহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। ধাৰাসাৰ বৰষুণৰ বাবে দেওবাৰে নিশা দক্ষিণ ইথিওপিয়াৰ গেজে গোফা জিলাত হোৱা ভূমিস্খলনৰ বাবে ভালেসংখ্যক লোক ধ্বংসস্তূপৰ মাজত আৱদ্ধ হৈ পৰে। সোমবাৰে পুৱা আৱদ্ধ লোকসকলক উদ্ধাৰ কৰাৰ বাবে লোকসকলে আগবাঢ়ি অহাৰ সময়তে আৰু এটা ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। বিষয়াসকলে প্ৰকাশ কৰা মতে ঘটনাত নিহতসকলৰ ভিতৰত ১৪৮ গৰাকী পুৰুষ আৰু ৮১গৰাকী মহিলা আছে। দেশখনৰ প্ৰধানমন্ত্ৰী অবি আহমেদে এই ঘটনাত নিহত লোকসকলৰ প্ৰতি গভীৰ শোক প্ৰকাশ কৰিছে। পূব আফ্ৰিকীয় দেশখনত বৰষুণৰ বাবে প্ৰায়েই ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।