বাংলাদেশৰ প্ৰধানমন্ত্রী শ্বেইখ হাছিনাই শেহতীয়াকৈ চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰুদ্ধে ছাত্ৰ-ছাত্ৰীৰ নেতৃত্বত দেশজুৰি হোৱা প্ৰতিবাদ তথা ভয়াৱহ হিংসাৰ বাবে বিৰোধী দলসমূহক দোষাৰোপ কৰিছে। দেশখনৰ ৰাজধানী ঢাকাত ব্যৱসায় খণ্ডৰ নেতাসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে পৰিস্থিতি উন্নত হ’লেই সান্ধ্য আইন উঠাই লোৱা হ’ব বুলি প্ৰকাশ কৰে। তেওঁ কয় যে, দেশখনৰ নাগৰিকৰ জীৱন তথা সম্পত্তি ৰক্ষা কৰাৰ স্বাৰ্থত চৰকাৰে সান্ধ্য আইন জাৰি কৰিবলৈ বাধ্য হৈছিল। দেওবাৰে দেশখনৰ শীৰ্ষ আদালতে চৰকাৰী চাকৰিত থকা বেছিভাগ সংৰক্ষণৰ বিৰুদ্ধে ৰায়দান কৰাৰ এদিন পাছতে প্রধানমন্ত্রী শ্বেইখ হাছিনাই এইদৰে মন্তব্য কৰে। দেশখনৰ সুৰক্ষা বাহিনী তথা প্ৰতিবাদকাৰী সকলৰ মাজত সংঘৰ্ষ সৃষ্টি হোৱাৰ পাছত আদালতে এই ৰায়দান কৰে। চিকিৎসালয়ৰ সূত্ৰত প্ৰকাশ পোৱা অনুসৰি বাংলাদেশৰ শেহতীয়া হিংসাজৰ্জৰ পৰিস্থিতিত ১৪৭ গৰাকী লোক নিহত হয়।
Assamese | July 23, 2024 10:29 AM | Bangladesh PM
বাংলাদেশৰ হিংসাত্মক প্ৰতিবাদৰ বাবে প্ৰধানমন্ত্রী শ্বেইখ হাছিনাৰ বিৰোধী দলসমূহক দোষাৰোপ