জম্মু-কাশ্মীৰৰ বুদগাম জিলাৰ উজনি অঞ্চলত কালি সন্ধিয়া নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এজন শীর্ষ নেতা নিহত হয়। কাশ্মীৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰে নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও বিষয়াসকলে তেওঁক পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ মষ্ট ৱাণ্টেড সন্ত্রাসবাদী ছুলেইমান শ্বাহ ওৰফে মুছা বুলি চিনাক্ত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে চিনাৰ ক’ৰে প্ৰকাশ কৰে মতে বুদামৰ য়ুছ মাৰ্গৰ সমীপত সেনাবাহিনী, আৰক্ষী আৰু চি আৰ পি এফে অপাৰেচন ক’ৰাগ শীৰ্ষক এই অভিযান চলাইছিল। এই বাতৰি অহাৰ পৰলৈকে অভিযান চলি আছে। সংবাদ প্রতিষ্ঠানসমূহৰ সূত্ৰই প্ৰকাশ কৰা মতে এই সন্ত্রাসবাদীজন জম্মু-কাশ্মীৰত সংঘটিত কেইবাটাও আক্ৰমণৰ সৈতে জড়িত থকাৰ অভিযোগত তেওঁৰ সন্ধান চলাই থকা হৈছিল। যোৱা ৫ ছেপ্তেম্বৰত য়ুছ মার্গ পাহাৰত হোৱা এনকাউণ্টাৰত তেওঁ পলায়ন কৰিছিল যদিও সন্ত্ৰাসবাদীজনৰ ঘনিষ্ঠ সহযোগী য়াছিৰৰ মৃত্যু হৈছিল।
Assamese | September 30, 2026 10:21 AM | J&K
জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীর্ষ নেতা নিহত