September 30, 2026 10:21 AM

views 30

জম্মু-কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত লস্কৰ-ই-তৈবাৰ শীর্ষ নেতা নিহত

জম্মু-কাশ্মীৰৰ বুদগাম জিলাৰ উজনি অঞ্চলত কালি সন্ধিয়া নিৰাপত্তাৰক্ষীৰ সৈতে লগা সংঘৰ্ষত সন্ত্রাসবাদী সংগঠন লস্কৰ-ই-তৈবাৰ এজন শীর্ষ নেতা নিহত হয়। কাশ্মীৰস্থিত সেনাবাহিনীৰ চিনাৰ কৰে নিহত সন্ত্ৰাসবাদীজনৰ পৰিচয় প্ৰকাশ কৰা নাই যদিও বিষয়াসকলে তেওঁক পাকিস্তানস্থিত লস্কৰ-ই-তৈবাৰ মষ্ট ৱাণ্টেড সন্ত্রাসবাদী ছুলেইমান শ্বাহ ওৰফে মুছা বুলি চিনাক্ত কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাযোগে চিনাৰ ক’ৰে প্ৰকাশ কৰে মতে বুদামৰ য়ুছ মাৰ্গৰ সমীপত সেনাবাহিনী, আৰক্ষী আৰু চি আৰ পি এফে অপাৰেচন ক’ৰাগ শীৰ্ষক এই অভিযান চলাইছি...

November 1, 2025 12:40 PM

views 79

জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি

চাৰিবছৰৰ মূৰত জম্মু-কাশ্মীৰৰ ছমহীয়া ঐতিহাসিক দৰবাৰ মুভ প্ৰথা পুনৰ মুকলি কৰা হৈছে। শ্রীনগৰস্থিত চৰকাৰী কাৰ্য্যালয়সমূহ এই সময়ছোৱাত বন্ধ থাকিব। সমূহ কায্যালয় পুনৰ সোমবাৰৰ পৰা খোলা থাকিব। জম্মু-কাশ্মীৰৰ পথ পৰিবহন সংস্থাই আজি আৰু কাইলৈ কৰ্মচাৰীসকলৰ পৰিবহনৰ দায়িত্বত থাকিব। এই দৰবাৰ মুভ প্ৰথাৰ বাবে ৩৯টা চৰকাৰী কায্যালয় সম্পূৰ্ণৰূপে স্থানান্তৰিত কৰা হ'ব। ৪৭ টা কায্যালয় সীমিত পৰিসৰত স্থানান্তৰ হ'ব। উল্লেখযোগ্য যে ডোগ্রা মহাৰাজে আৰম্ভ কৰা এই দৰবাৰ মুভ প্ৰথা ১৪৭ বছৰ পুৰণি পৰম্পৰা। কৌশলগত আৰু জলবায়ুজনিত কা...

September 2, 2025 8:39 PM

views 57

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত নিৰাপত্তা বাহিনীৰ তালাচী অভিযান

জম্মু-কাশ্মীৰৰ পুঞ্চ জিলাৰ কেইবাখনো গাঁৱত আজি নিৰাপত্তা বাহিনীয়ে যৌথভাৱে ঘেৰাও আৰু তালাচী অভিযান চলায়। আকাশবাণী জন্মৰ সংবাদদাতাই জনাইছে যে, স্থানীয় আৰক্ষী আৰু চি আৰ পি এফৰ বিশেষ অভিযান গোটে কিছুসংখ্যক সন্দেহযুক্ত লোকৰ তথ্য লাভ কৰাৰ পাছত চয়িআন কাঠা, বাঞ্জোলা বনাঞ্চল, জালিয়ান-আজামাবাদ, খানেতাৰ মহল্লা, কালচান আৰু দুপ্ৰিয়ানত যুটীয়াভাৱে তালাচী চলায়। ৰাষ্ট্ৰীয় ৰাইফলছ বাহিনীৰ সৈতে বিশেষ অভিযান গোটে কালিও মাঞ্জাকোটৰ বাউৱিন ঘালি, বেহৰা কচৱ আৰু ট'পা তথা মেন্ধাৰৰ মাংগলানু মানক'টেতো তালাচী অভিযান চ...

August 14, 2025 8:34 PM

views 57

জম্মু-কাশ্মীৰৰ হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাৰ অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ঘটনাটো চৌশিতী নামৰ গাঁওখনত সংঘটিত হৈছে। মাছাইল মাতা যাত্ৰাত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলে এই চৌশিতী গাঁৱলৈ গাড়ী-মটৰেৰে যাত্ৰা কৰে। এই ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে মাছাইল মাতা যাত্ৰা প্রশাসনে বন্ধ কৰি দিছে। অঞ্চলটোত প্রশাসনে বর্তমান উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু ম...

July 11, 2025 8:49 PM

views 60

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাৰ জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান

জম্মু-কাশ্মীৰৰ ৰাজ্যিক অনুসন্ধান সংস্থাই সন্ত্রাসবাদী বিত্তীয় তদন্তৰ অংশ হিচাপে জম্মু, ডোডা আৰু হান্দৱাড়াৰ তিনিটা অঞ্চলত তালাচী অভিযান চলায়। সন্ত্রাসবাদক ইন্ধন যোগাবলৈ আৰু শান্তি ভংগ কৰিবলৈ ক্রিপ্‌’কাৰেন্সিৰ জৰিয়তে সীমান্তত ধন যোগান ধৰা ষড়যন্ত্ৰ ফাদিলৰ লক্ষ্য হিচাপে এই তালাচী চলোৱা হৈছিল । ৰাজ্যিক অনুসন্ধান সংস্থাৰ তথ্য অনুসৰি এই অভিযানৰ লক্ষ্য হৈছে যুৱক-যুৱতীসকলক দেশৰ বিৰুদ্ধাচৰণ কৰিবলৈ উচতনি দিয়া লোকসকলক চিনাক্ত কৰি উলিওৱা। ইয়াৰ জৰিয়তে ইলেকট্রনিক উপকৰণকে ধৰি বহুতো গুৰুত্বপূৰ্ণ তথ্য উদ্...

May 13, 2025 12:41 PM

views 68

জম্মুৰ অসীমান্ত আৰু কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ

জম্মু-কাশ্মীৰ চৰকাৰে আজিৰে পৰা জম্মুৰ অসীমান্ত জিলাৰ লগতে কাশ্মীৰ সংমণ্ডলৰ বিদ্যালয়-মহাবিদ্যালয়সমূহ পুনৰ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। শিক্ষামন্ত্রী চাকিনা ইটুৱে সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই কথা প্ৰকাশ কৰিছে। শেহতীয়াকৈ সীমা অতিক্রমি হোৱা আক্ৰমণ-প্ৰত্যাক্ৰমণৰ পাছৰ পৰিস্থিতিৰ বিস্তৃত পর্যালোচনাৰ অন্তত বিদ্যালয়-মহাবিদ্যালয়সমূহ খোলাৰ সিদ্ধান্ত লোৱা হৈছে। ইপিনে, ছাত্ৰ-ছাত্ৰীৰ লগতে কৰ্মচাৰীৰৰ সুৰক্ষাৰ বাবে সতর্কতামূলক ব্যৱস্থা হিচাপে সীমান্ত অঞ্চলৰ শিক্ষানুষ্ঠানসমূহ বন্ধ থাকিব ।

April 28, 2025 12:42 PM

views 89

কেবিনেটৰ অনুৰোধমৰ্মে জম্মু-কাশ্মীৰত আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কেবিনেটৰ অনুৰোধমৰ্মে আজি বিধানসভাৰ বিশেষ সত্ৰ অনুষ্ঠিত কৰিব। মন্ত্রীসভাই পেহেলগাম সন্ত্রাসবাদ আক্ৰমণৰ ঘটনাৰ আলোচনা কৰাৰ উদ্দেশ্যে এই বিশেষ সত্ৰ অনুষ্ঠিত কৰিবলৈ অনুৰোধ কৰিছিল। বিধানসভাত সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহতসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱা হ'ব। ইয়াৰ পাছতে সন্ত্ৰাসবাদী আক্ৰমণৰ বিভিন্ন আনুষংগিক বিষয়সমূহ ওপৰত আলোচনা কৰা হ'ব আৰু এই ঘটনাক তীব্ৰ গৰিহণা দি প্ৰস্তাৱ গ্ৰহণ কৰা হ'ব । যোৱা ২৩ এপ্ৰিলত জম্মু-কাশ্মীৰৰ মুখ্যমন্ত্রী ওমৰ আব্দুলাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত মন্...

April 10, 2025 7:04 PM

views 84

জম্মু-কাশ্মীৰত ঐতিহাসিক মোগল পথ দুই-এদিনৰ ভিতৰতে মুকলি কৰাৰ সম্ভাৱনা

জম্মু-কাশ্মীৰত নতুনকৈ হোৱা ভূমিস্খলনৰ বাবে ঐতিহাসিক মোগল পথ মুকলি কৰি দিয়াত পলম হৈছে। অহা দুই-এদিনৰ ভিতৰতে এই পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। ঐতিহাসিক মোগল পথক জম্মু খণ্ডৰ দুখন সীমান্ত জিলা ৰজৌৰী আৰু পুঞ্চক কাশ্মীৰ খণ্ডৰ শ্ব’পিয়ান জিলাৰ সৈতে সংযোজিত কৰাৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হয়। আজি এই পথটো মুকলি কৰি দিয়াৰ সম্ভাৱনা আছিল যদিও পুঞ্চ জিলাৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰ ফলত জিলা প্ৰশাসনে অহা দুই-এদিনৰ ভিতৰতহে পথটো মুকলি কৰি দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সী...

January 20, 2025 12:48 PM

views 95

জম্মু-কাশ্মীৰৰ ৰাজৌৰী জিলাত ১৭ জন লোকৰ মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ১১ জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন

জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহাই কয়, যে ৰাজৌৰী জিলাৰ বাধল গাঁৱত যোৱা ৪৫ দিনত ১৭ জন লোকৰ অস্বাভাৱিক মৃত্যুৰ প্ৰকৃত কাৰণ উদ্ধাৰৰ প্ৰচেষ্টা চলাই থকা হৈছে। শ্রীসিনহাই কয়, যে স্বাস্থ্য আৰু অন্যান্য বিভাগৰ যুটীয়া অনুসন্ধান চলি আছে যদিও এই মৃত্যুৰ প্ৰকৃত ৰহস্য উদঘাটন কৰিব হোৱা নাই। আৰক্ষীয়ে এই মৃত্যুৰ প্ৰকৃত কাৰণ উদঘাটনৰ বাবে ১১ জনীয়া বিশেষ অনুসন্ধানকাৰী দল গঠন কৰিছে। ইতিমধ্যে আন্তঃ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় দলে স্থানীয় প্ৰশাসনৰ সহযোগত অনুসন্ধান আৰম্ভ কৰিছে। আন্তঃ মন্ত্ৰ্যালয়ৰ কেন্দ্ৰীয় দল...

November 4, 2024 12:27 PM

views 57

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচনৰ বাবে আজি বিশেষ বৈঠক

জম্মু-কাশ্মীৰ বিধানসভাৰ নতুন অধ্যক্ষ নিৰ্বাচন কৰাৰ বাবে আজি বিশেষ বৈঠক অনুষ্ঠিত হ'ব। ইতিমধ্যে পদটোৰ বাবে নেচনেল কনফাৰেন্স দলৰ জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী আব্দুল ৰহিম ৰাথেড়ৰ নাম প্ৰস্তাৱ কৰা হৈছে। বিধানসভা সচিবালয়ে প্রকাশ কৰা অনুসৰি এই বৈঠক দিনৰ চাৰে ১০ বজাত আৰম্ভ হ'ব। অধ্যক্ষ নিৰ্বাচনৰ বিষয়টো কাৰ্যসূচীৰ আৰম্ভণিতে ৰখা হৈছে বুলিও সচিবালয়ে সদৰী কৰে। জম্মু-কাশ্মীৰৰ ৯০ জনীয়া বিধানসভাত নেচনেল কনফাৰেন্স দলৰ ৪১ গৰাকীৰ লগতে কংগ্ৰেছ মিত্ৰজোঁটৰ ৬ গৰাকী আৰু চি পি আই এমৰ এগৰাকী বিধায়ক থকাৰ পৰিপ্ৰ...