জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ পাৰ অঞ্চলত হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা কৰা হৈছে। আকাশবাণীৰ জম্মুৰ সংবাদদাতাই জনোৱা মতে ডাৱৰ বিস্ফোৰণৰ ঘটনাটো চৌশিতী নামৰ গাঁওখনত সংঘটিত হৈছে। মাছাইল মাতা যাত্ৰাত অংশগ্ৰহণ কৰা তীর্থযাত্ৰীসকলে এই চৌশিতী গাঁৱলৈ গাড়ী-মটৰেৰে যাত্ৰা কৰে। এই ডাৱৰ বিস্ফোৰণৰ ঘটনাৰ পাছতে মাছাইল মাতা যাত্ৰা প্রশাসনে বন্ধ কৰি দিছে। অঞ্চলটোত প্রশাসনে বর্তমান উদ্ধাৰ আৰু সাহায্য অভিযান চলাই আছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিনহা আৰু মুখ্যমন্ত্রী ওমৰ আব্দুলাৰ সৈতে ডাৱৰ বিস্ফোৰণৰ ঘটনা সন্দৰ্ভত বাৰ্তালাপ কৰিছে। সামাজিক মাধ্যমৰ এটা পোষ্টত শ্ৰী শ্বাহে কয়, যে স্থানীয় প্রশাসনে সাহায্য আৰু উদ্ধাৰ অভিযান চলাই আছে। তেওঁ লগতে কয়, যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ দল ঘটনাস্থলীত উপস্থিত হৈছে আৰু চৰকাৰে সমগ্ৰ পৰিস্থিতি নিৰীক্ষণ কৰি থকাৰ লগতে জম্মু– কাশ্মীৰৰ জনসাধাৰণৰ লগত ঠিয় দিছে। তেওঁ সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য জনসাধাৰণলৈ আগবঢ়োৱাৰ নিশ্চয়তা প্ৰদান কৰিছে। কেন্দ্ৰীয় মন্ত্রী জিতেন্দ্র সিঙে কয়, যে প্রতিকূল বতৰৰ বাবে উদ্ধাৰ কাৰ্যত বাধাৰ সৃষ্টি হৈছে। ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহনী আৰু ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ সৈতে সমন্বয় স্থাপন কৰাৰ বাবে শ্রী সিঙে প্রচেষ্টা লৈছে। জম্মু-কাশ্মীৰৰ উপ-ৰাজ্যপাল মনোজ সিন্হা আৰু মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাই এই ঘটনাত গভীৰ দুখ প্ৰকাশ কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য আগবঢ়াব বুলি নিশ্চিতি প্ৰদান কৰিছে ।
Assamese | August 14, 2025 8:34 PM | J&K
জম্মু-কাশ্মীৰৰ হোৱা ডাৱৰ বিস্ফোৰণত কমেও ১০ জন লোক নিহত হোৱাৰ আশংকা