জম্মু-কাশ্মীৰত নতুনকৈ হোৱা ভূমিস্খলনৰ বাবে ঐতিহাসিক মোগল পথ মুকলি কৰি দিয়াত পলম হৈছে। অহা দুই-এদিনৰ ভিতৰতে এই পথটো যাতায়াতৰ বাবে মুকলি কৰি দিয়াৰ সম্ভাৱনা আছে। ঐতিহাসিক মোগল পথক জম্মু খণ্ডৰ দুখন সীমান্ত জিলা ৰজৌৰী আৰু পুঞ্চক কাশ্মীৰ খণ্ডৰ শ্ব’পিয়ান জিলাৰ সৈতে সংযোজিত কৰাৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ হিচাপে ব্যৱহাৰ কৰা হয়। আজি এই পথটো মুকলি কৰি দিয়াৰ সম্ভাৱনা আছিল যদিও পুঞ্চ জিলাৰ বিভিন্ন অংশত ভূমিস্খলন হোৱাৰ ফলত জিলা প্ৰশাসনে অহা দুই-এদিনৰ ভিতৰতহে পথটো মুকলি কৰি দিয়াৰ সম্ভাৱনা প্ৰকাশ কৰিছে। সীমান্ত পথ সংস্থাই দুদিন পূৰ্বে পুঞ্চ জিলাৰ পৰা পীৰ কি গলি অঞ্চললৈকে এই পথছোৱা সম্পূৰ্ণ কৰি তুলিছিল। ছুৰানকোটেৰ উপ-জিলা দণ্ডাধীশ ফাৰুক খানে বতৰ অনুকুল হ’লে কাইলৈ এই পথটো মুকলি কৰি দিয়া হ’ব বুলি প্ৰকাশ কৰিছে।
Assamese | April 10, 2025 7:04 PM | J&K
জম্মু-কাশ্মীৰত ঐতিহাসিক মোগল পথ দুই-এদিনৰ ভিতৰতে মুকলি কৰাৰ সম্ভাৱনা