September 30, 2026 10:17 AM | PM

printer

জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে প্রধানমন্ত্ৰীয়ে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনসেৱাৰ জৰিয়তে দেশ সেৱাৰ লক্ষ্যৰে ৰাজহুৱা সেৱাৰ ক্ষেত্ৰত ২৫ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিছে আৰু সম্পূৰ্ণ দায়বদ্ধতাৰে এই সেৱা অব্যাহত ৰাখিছে। সেৱা আৰু সুশাসনৰ লক্ষ্যৰে চৰকাৰে ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰতৰ লক্ষ্যত উপনীত হোৱাৰ বাবে নিৰন্তৰ কাম কৰি আছে। সৰ্বাত্মক বিকাশ আৰু সামাজিক সবলীকৰণৰ জৰিয়তে চৰকাৰৰ এই নিষ্ঠাপূর্ণ সেৱাই জনসাধাৰণৰ জীৱনত ৰূপান্তৰ সাধন কৰিবলৈ সমৰ্থ হৈছে। এই শৃংখলাত আজি ২০১৮ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত মুকলি কৰা বগীবিল দলঙে কিদৰে পৰিবহণ আৰু যাতায়াতৰ ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিছে এই বিষয়ে আলোকপাত কৰা হৈছে।

বগীবিল দলংখনে ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ধেমাজি জিলাক দক্ষিণপাৰৰ ডিব্ৰুগড়ৰ সৈতে সংযোগ কৰিছে। এই দলংখনে উজনি অসমৰ আৰ্থসামাজিক, ঔদ্যোগিক, জনস্বাস্থ্য আৰু শৈক্ষিক ক্ষেত্ৰত আমূল পৰিৱৰ্তন আনিছে। ডিব্ৰুগড় উজনি অসমৰ এখন মুখ্য চহৰ আৰু চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশকে ধৰি অঞ্চলটোৰ শিক্ষা তথা চিকিৎসাৰ কেন্দ্ৰ। ৪ দশমিক ৯-৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ এই দুখলপীয়া দলংখন ভাৰতৰ ভিতৰতে সৰ্বাধিক দীঘল দলং হিচাপে স্বীকৃতি লাভ কৰিছে। ১৯৯৭ চনত তেতিয়াৰ প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াই এই দলংখনৰ আধাৰশিলা স্থাপন কৰিছিল যদিও ইয়াৰ নিৰ্মাণকাৰ্য স্থবিৰ হৈ আছিল। এন ডি এ চৰকাৰৰ দিনত দলংখনৰ নিৰ্মাণকাৰ্য দ্রুতগতিত আগবাঢ়ে আৰু বহু প্ৰত্যাশিত এই প্ৰকল্পটোৰ কাম সম্পূৰ্ণ হয়। অঞ্চলটোৰ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ পৰা অহা লোকসকলে আজি চিকিৎসা, শিক্ষা আৰু অন্যান্য জৰুৰীকালীন প্রয়োজনৰ বাবে অতি কম সময়ৰ ভিতৰতে ডিব্ৰুগড়ত উপস্থিত হ’ব পাৰে।