বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰে কয় যে, ভাৰতে এক্ট ইষ্ট পলিচিৰ জৰিয়তে আছিয়ানৰ ঐক্য আৰু কেন্দ্ৰীয়তা বৰ্তাই ৰাখিব। আজি ভিয়েটনামত অনুষ্ঠিত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠকত ভাষণ দি তেওঁ কয় যে, নৱম পূব এছিয়া শীৰ্ষ সন্মিলনত ঘোষণা কৰা এক্ট ইষ্ট পলিচিয়ে এটা দশক সম্পূর্ণ কৰিছে। তেওঁ লগতে কয় যে, অহা বছৰ পূব এছীয় শীৰ্ষ সন্মিলনৰ প্ৰক্ৰিয়াই দুটা দশক সম্পূৰ্ণ কৰিব আৰু পূব এছীয় শীৰ্ষ সন্মিলনৰ প্ৰক্ৰিয়াৰ ক্ষেত্ৰত ভাৰতে অৰিহণা যোগাব। ড০ জয়শংকৰে লগতে কয়, পূব এছীয় সন্মিলনৰ কাৰ্যপন্থাৰ দিশত ভাৰতে ধাৰাবাহিকভাৱে অৰিহণা যোগাই আহিছে। মুম্বাইত অনুষ্ঠিত পূব এছীয় সামুদ্রিক নিৰাপত্তা আৰু সহযোগিতা সন্মিলনত ভাৰতবৰ্ষৰ এই ঐক্যান্তিক প্রচেষ্টা প্রতিফলিত হৈছে।
Assamese | July 27, 2024 9:09 PM | S Jaishankar
ভিয়েটনামত চতুর্দশ পূব এছীয় সন্মিলনৰ বৈদেশিক মন্ত্ৰীসকলৰ বৈঠক