প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত গভীৰ শোকপ্রকাশ কৰিছে। শ্রীমোদীয়ে এটা শোকবার্তাত কৈছে যে, দুখৰ এই ক্ষণত ভাৰত ভিয়েটনামৰ জনসাধাৰণ আৰু নেতৃত্বৰ সৈতে আছে। ভিয়েটনামৰ শাসকীয় কমিউনিষ্ট দলৰ সাধাৰণ সম্পাদক তথা দেশখনৰ শীৰ্ষ নেতা নুয়েন ফু ট্রোঙৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৮০ বছৰ। দলে এটা বিবৃতি যোগে কৈছে যে, বার্ধক্যজনিত কাৰণ আৰু গুৰুত্বৰ ৰোগৰ বাবে টোঙৰ দেহাৱসান ঘটে। নুয়েন ফু ট্ৰোং ১৩ বছৰ পৰ্যন্ত ভিয়েটনামৰ আটাইতকৈ শীর্ষ পদত আছিল।
Assamese | July 20, 2024 12:46 PM | PM Condolence
ভিয়েটনামৰ জ্যেষ্ঠ নেতা নুয়েন ফু ট্রোঙৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ গভীৰ শোকপ্রকাশ