বিদেশ মন্ত্রী ড০ এছ জয়শংকৰে কালি বিয়লি ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে কথা পাতে আৰু পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন বিষয় লৈ আলোচনা কৰে। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয় যে, উভয় দেশৰ মাজৰ দ্বিপাক্ষিক আৰু প্ৰতিষ্ঠানগত তন্ত্রসহ ভালেমান ক্ষেত্ৰত ভালসম্পৰ্ক আছে। এটা প্ৰশ্নৰ উত্তৰত শ্ৰীজয়ছোৱালে কয় যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অলপতে মস্কোত অনুষ্ঠিত ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰে আৰু হিংসা প্ৰভাৱিত নিৰীহ লোকৰ বিষয় সন্দৰ্ভত নিজৰ মত স্পষ্ট কৰে। ম্যানমাৰৰ স্থিতি সন্দৰ্ভত সোধা এটা প্ৰশ্নৰ উত্তৰত মুখপাত্ৰগৰাকীয়ে কয় যে, দেশখনত সংকট বা বিপর্যয় অব্যাহত আছে আৰু ভাৰতে সকলো পক্ষৰ মাজত গঠনমূলক আলোচনাৰ ভিত্তিত বৰ্তমানৰ বিপৰ্যয় শান্তিপূৰ্ণ সমাধান বিচাৰে। ভাৰতে, ম্যানমাৰত গণতন্ত্ৰ বাহাল হোৱাটো বিচাৰে বুলিও তেওঁ মন্তব্য কৰে।
Assamese | July 20, 2024 12:40 PM | Dr. S Jaishankar
ইউক্রেইনৰ বিদেশমন্ত্ৰীৰ সৈতে বিদেশ মন্ত্রী ড০ এছ জয়শংকৰৰ বিভিন্ন বিষয় লৈ আলোচনা