July 11, 2026 7:17 PM

views 6

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ...

July 11, 2026 7:02 PM

views 24

গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ...

July 11, 2026 6:58 PM

views 9

ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত-বিনিময়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। শ্ৰী সোণোৱালে এই মহা অভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ কয়, যে ভাৰতীয় জনত...

July 11, 2026 6:50 PM

views 7

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্...

July 11, 2026 6:51 PM

views 7

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে ...

July 11, 2026 6:51 PM

views 5

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 11, 2026 6:27 PM

views 4

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন’ সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ’ব

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন' সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ ন'ডেল বিষয়া মানস প্রতীম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপ্নই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্...

July 11, 2026 6:26 PM

views 10

আজি  নিশা ২.৩০বজাত ফিফা বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলত নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব

ফিফা বিশ্বকাপ ফুটবল প্রতিযোগিতাৰ এখন কোৱাৰ্টাৰ ফাইনেলত আজি নিশা নৰৱে’ ইংলেণ্ডৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। মায়ামী ষ্টেডিয়ামত খেলখন ভাৰতীয় সময় অনুসৰি নিশা ২.৩০বজাত আৰম্ভ হ'ব। ইপিনে ভাৰতীয় সময় অনুসৰি কাইলৈ পুৱা ৬.৩০ বজাত হ’বলগীয়া আন এখন কোৱাৰ্টাৰ ফাইনেলত যোৱাবাৰৰ চেম্পিয়ন আর্জেণ্টিনা ছুইজাৰলেণ্ডৰ বি...

July 11, 2026 6:19 PM

views 5

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট আৰু মুককচুং জিলাৰ মাজত সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি যোৰহাট আৰু মুককচুং জিলাৰ মাজত এখন সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত হয়। মুককচুঙৰ জিলা আয়ুক্তই যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীক আদৰণি জনায়। বৈঠকত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ মাজত শান্তি সম্প্রীতি বজ...

July 11, 2026 6:20 PM

views 3

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত

বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তোলাৰ বাবে তামুলপুৰ বাণিজ্য মহাবিদ্যালয়ত আজিৰে পৰা মাহযোৰা বিনামুলীয়া প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হৈছে। তামুলপুৰৰ বিধায়ক তথা মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ উদ্যোগত আয়োজিত এই প্রশিক্ষণ শিবিৰত অসম প্ৰত্যক্ষ নিয়োগ পৰীক্ষা, অসম আৰক্ষী, বন ব...