ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত-বিনিময়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। শ্ৰী সোণোৱালে এই মহা অভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে।

তেওঁ কয়, যে ভাৰতীয় জনতা পাৰ্টীয়ে পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দৰ্শনক সাৰোগত কৰি জনমুখী ৰাজনীতিৰ ধাৰা আগুৱাই লৈ গৈছে। এনে প্রশিক্ষণ কাৰ্যসূচীত দলীয় কৰ্মকৰ্তাসকলক সেৱা আৰু সমৰ্পণৰ প্ৰতি অধিক দায়ৱদ্ধ কৰি তোলাত সহায় কৰিব বুলি শ্ৰী সোণোৱালে মন্তব্য কৰে।

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ তেৰছ গোৱালা, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনকে ধৰি দলৰ জ্যেষ্ঠ নেতাসকল উপস্থিত থাকে।