আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়।

কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভূপেন্দ্ৰ কুমাৰ ভূঞাই এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰে। এই কাৰ্যসূচীত পৰিয়াল পৰিকল্পনাৰ ক্ষেত্ৰত পাৰদৰ্শিতা দেখুওৱা ৩ গৰাকী আশাকর্মীক সম্বৰ্ধনা জনোৱা হয়।

অহা ১৮ জুলাই লৈকে চলিবলগীয়া জনসংখ্যা নিয়ন্ত্ৰণ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি পৰিয়াল পৰিকল্পনাৰ স্থায়ী আৰু অস্থায়ী পদ্ধতিসমূহৰ বিষয়ে জনসাধাৰণক সজাগ কৰাৰ উদ্দেশ্যে জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন পদক্ষেপ গ্রহণ কৰিছে। জিলাখনৰ আশাকর্মীসকলে সম্ভাব্য দম্পত্তিৰ ঘৰে ঘৰে গৈ পৰিয়াল পৰিকল্পনাৰ অস্থায়ী সামগ্ৰীৰ লগতে প্ৰচাৰ পত্ৰিকা বিতৰণ কৰিব।

শোণিতপুৰ জিলাৰ বিহাগুৰি ব্লক প্রাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত গটলং পঞ্চায়তৰ সন্মিলন কক্ষত জিলা পৰ্যায়ত আজি এই দিৱসৰ সপ্তাহজোৰা কাৰ্যসূচী মুকলি কৰা হয়। পৰিয়াল পৰিকল্পনা সম্পর্কে সজাগতা বৃদ্ধিৰ লক্ষ্যৰে ১৮ জুলাইলৈ চলিবলগীয়া এই কাৰ্যসূচীত জিলা প্রশাসনে কেইবাটাও কাৰ্যসূচী গ্ৰহণ কৰিছে। ডিব্ৰুগড় ৰাজ্যিক চিকিৎসালতো আজিৰে পৰা সপ্তাহজোৰা কাৰ্যসূচীৰে এই দিৱস অনুষ্ঠিত হৈছে। এই দিৱসৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় নগৰ অঞ্চলৰ ৩ গৰাকী আশাকর্মীক সম্বৰ্ধনা জনোৱা হয়।

বৰপেটা জিলাৰ চেঙা খণ্ড প্রাথমিক স্বাস্থ্য কেন্দ্ৰত জিলা পৰ্যায়ত এই দিৱস পালন কৰা হয়। অনুষ্ঠানত বিশ্ব জনসংখ্যা দিৱসৰ তাৎপৰ্য, পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব, মাতৃ আৰু শিশুৰ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত স্বাস্থ্য বিভাগে ৰূপায়ন কৰা বিভিন্ন কাৰ্যসূচী সন্দৰ্ভত আলোচনা কৰা হয়৷

দক্ষিণ শালমাৰা মানকাছৰৰ জিলা যুটীয়া সঞ্চালকৰ কাৰ্যালয়তো এই দিৱস পালন কৰা হয়। দিৱসৰ সৈতে সংগতি ৰাখি জিলা স্বাস্থ্য বিভাগৰ সহযোগত মাতৃ আৰু শিশুৰ কল্যাণ বিষয়ক বিশেষ কার্যসূচী অনুষ্ঠিত হয়। এই উপলক্ষে পৰিয়াল পৰিকল্পনা সেৱা শক্তিশালীকৰণত উৎকৃষ্ট প্ৰদৰ্শন কৰা কেইবাটাও স্বাস্থ্য কেন্দ্রক সম্বর্ধনা জনোৱা হয়।

মৰিগাওঁ মহাবিদ্যালয়তো জিলা স্বাস্থ্য বিভাগৰ উদ্যোগত এই দিৱস পালন কৰা হয়। ৭০ গৰাকী এন চি চি কেডেটে পৰিয়াল পৰিকল্পনাৰ সন্দৰ্ভত সজাগতামূলক অনুষ্ঠানত অংশ লয়।
পশ্চিম কাৰ্বি আংলং জিলাৰ ডংকামোকাম খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটো দিনজোৰা কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়৷ মুকলি ভাষণত স্বাস্থ্য বিষয়া ডাঃ দূর্গেশ্বৰ ইংতিয়ে পৰিয়াল পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা আঁচনিসমূহৰ বিষয়ে ৰাইজক অৱগত কৰে। জিলাখনৰ উম্পানাই, জিৰিকেন্দেং আৰু হামৰেণতো এই দিৱস পালন কৰা হয়।