গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ কিছু সাল-সলনি কৰা হ’ব।

ড° শৰ্মাই কয়, যে এই সমন্বয়ক্ষেত্ৰত অগমেণ্টেদ ৰিয়েলিটি, ভার্চুৱেল ৰিয়েলিটিৰ দৰে উন্নত প্রযুক্তি সংযোজিত কৰা হ’ব। ইয়াৰ জৰিয়তে দৰ্শনাৰ্থীয়ে ডিজিটেল ব্যৱস্থাৰে শিল্পীগৰাকীৰ ছবিৰ সৈতে ছেলফি উঠা আৰু গীতৰ অনুশীলন কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল প্ৰযুক্তিৰ জৰিয়তে নৱ প্ৰজন্মক সুধাকণ্ঠৰ সৃষ্টিৰাজিৰ সৈতে পৰিচয় কৰাই দিয়াৰ বাবে এনে পদক্ষেপ লোৱা হৈছে বুলি ড° শৰ্মাই উল্লেখ কৰে। তেওঁ লগতে এই সমন্বয় ক্ষেত্ৰত এখন মুকলি মঞ্চ নির্মাণ কৰা হ’ব বুলিও জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰীয়ে কয়, যে সমন্বয় ক্ষেত্ৰখন পৰিচালনাৰ বাবে এখন চৰকাৰী সমিতি গঠন কৰা হ’ব আৰু এই সমিতিয়ে সুধাকণ্ঠৰ জন্মবার্ষিকী আৰু মৃত্যু তিথিৰ উপৰি বছৰৰ সকলো সময়তে তেওঁৰ সৃষ্টিৰাজিৰ চৰ্চাৰে এই ক্ষেত্ৰখনক সজীৱ কৰি ৰাখিব।

মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটীৰ পল্টনবজাৰত নির্মীয়মান অসম আৰক্ষী ৰিজাৰ্ভ চৌহদৰ পুনৰ নিৰ্মাণ কাৰ্যৰো পৰ্যালোচনা কৰে। তেওঁ কয়, যে ৬০৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই আৰক্ষী চাউনীত ৬ শতাধিক আৰক্ষী পৰিদৰ্শক, উপ-পৰিদৰ্শক আৰু জোৱানৰ বাবে থকাৰ সুবিধা থাকিব। তদুপৰি এখন বিদ্যালয়, এটা মন্দিৰ, এটা নামঘৰ আৰু এখন খেলপথাৰো থাকিব। এই প্ৰকল্পৰ অংশ হিচাপে পাণবজাৰত ৪২ গৰাকী আৰক্ষী বিষয়া থাকিব পৰা এটা আবাসিক ভৱন নিৰ্মাণ কৰি থকা হৈছে বুলি ড° শৰ্মাই জানিবলৈ দিয়ে।

ইয়াৰ পাছত তেওঁ অসম ৰাজ্যিক চিৰিয়াখানা আৰু উদ্ভিদ উদ্যান পৰিদৰ্শন কৰি ইয়াক দেশৰ আগশাৰীৰ চিৰিয়াখানাৰ সমকক্ষ কৰি তোলাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰে। মুখ্যমন্ত্ৰীয়ে ৩৬০ কোটি টকা ব্যয়সাপেক্ষে চলি থকা আধুনিকীকৰণৰ কামৰ পৰ্যালোচনা কৰে। তেওঁ লগতে বন্যপ্ৰাণীৰ চোৰাং সৰবৰাহকাৰীৰ পৰা উদ্ধাৰ কৰা তিনিটা ৰঙা পাণ্ডাৰ স্বাস্থ্যৰ বুজ লয়।