নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত যোৰহাট আৰু মুককচুং জিলাৰ মাজত সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত

নাগালেণ্ডৰ মুককচুং জিলাৰ মংকুলেম্বাত থকা অতিৰিক্ত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত আজি যোৰহাট আৰু মুককচুং জিলাৰ মাজত এখন সীমান্ত সমন্বয় বৈঠক অনুষ্ঠিত হয়। মুককচুঙৰ জিলা আয়ুক্তই যোৰহাটৰ জিলা আয়ুক্ত জয় শিৱানীক আদৰণি জনায়।

বৈঠকত অসম-নাগালেণ্ড সীমান্তৱৰ্তী অঞ্চলৰ জনসাধাৰণৰ মাজত শান্তি সম্প্রীতি বজাই ৰখা, বিবাদ নিষ্পত্তি তথা পাৰস্পৰিক মিলাপ্ৰীতি অক্ষুন্ন ৰখা আদি বিষয়ত আলোচনা কৰা হয়।

এই ক্ষেত্ৰত নিস্বাৰ্থভাৱে কাম কৰি অহা স্বেচ্ছাসেৱী নাগৰিক সংগঠন, সীমান্ত শান্তি সমন্বয় সমিতিৰ সদস্যসকল এই বৈঠকত উপস্থিত থাকে। তদুপৰি মৰিয়নি সমজিলা আৰু তিতাবৰ সমজিলাৰ আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, চক্ৰ বিষয়াকে ধৰি সংশ্লিষ্ট চৰকাৰী বিষয়াসকলে বৈঠকত অংশগ্ৰহণ কৰে৷