July 11, 2026 7:51 PM

views 8

ডিব্ৰুগড়ত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মন্ত্রী বিমল বৰাৰ মত-বিনিময়

মন্ত্রী বিমল বৰাই আজি ডিব্ৰুগড় জিলাত অনুষ্ঠিত গ্রীষ্মকালীন প্রশিক্ষণ অন্বেষণ কৰ্মশালাত অংশ লৈ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ সৈতে মত-বিনিময় কৰে। এই কৰ্মশালাত শিক্ষাৰ্থীসকলৰ কেৰিয়াৰ, বিশ্বব্যাপী সুযোগ আৰু যোগাযোগ দক্ষতাৰ গুৰুত্ব সম্পর্কে অভিজ্ঞ ব্যক্তিসকলে পৰামৰ্শ আগবঢ়ায়। এনে...

July 11, 2026 7:59 PM

views 13

অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে বৈঠকত অংশগ্ৰহণ

অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত খাদ্য সুৰক্ষা, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসু কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপা...

July 11, 2026 7:20 PM

views 10

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’বঃ কেশৱ মহন্ত

কলিয়াবৰৰ শিলঘাটত থকা অসম-সমবায় মৰাপাট কলত অহা পহিলা আগষ্টৰ পৰা পুনৰ মুকলি কৰা হ’ব বুলি কলটোৰ সভাপতি তথা ৰাজ্য চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ প্রশমন বিভাগৰ মন্ত্ৰী কেশৱ মহন্তই প্ৰকাশ কৰিছে। মৰাপাটৰ আমদানিৰ অভাৱত কলটোৰ কাম-কাজ সাময়িকভাৱে বন্ধ হৈ আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে। আনহাতে, অসম সমবায় মৰাপাট ...

July 11, 2026 7:17 PM

views 6

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন

ডিমা হাছাও জিলাত পৰ্যটকৰ সংখ্যা বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ডিমা হাছাও স্বায়ত্ত শাসিত পৰিষদে পর্যটন আৰু সংস্কৃতি বিভাগৰ সহযোগত চলিত মাহৰ প্রতি শুকুৰ আৰু শনিবাৰে বিভিন্ন পর্যটনস্থলীত পৰম্পৰাগত মহোৎসৱৰ আয়োজন কৰিছে। জিলাখনৰ জনগোষ্ঠীসমূহৰ চহকী সংস্কৃতি, লোক পৰম্পৰা আৰু জীৱন শৈলী প্ৰদৰ্শনৰ লক্ষ্যৰে উত্তৰ...

July 11, 2026 7:02 PM

views 24

গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গুৱাহাটী মহানগৰৰ কেইবাটাও গুৰুত্বপূৰ্ণ উন্নয়নমূলক প্রকল্প পৰিদৰ্শন কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰথমে জালুকবাৰীত থকা ড° ভূপেন হাজৰিকা সমন্বয় তীৰ্থ পৰিদৰ্শন কৰি সাংবাদিকৰ আগত কয়, যে বিশ্ববন্দিত শিল্পীগৰাকীৰ স্মৃতিসৌধক তেওঁৰ সৃষ্টি আৰু কৰ্মৰাজিৰ সৈতে সামঞ্জস্য থকাকৈ...

July 11, 2026 6:58 PM

views 9

ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ মত-বিনিময়

কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ভাৰতীয় জনতা পাৰ্টীয়ে ডিব্ৰুগড়ৰ মাণ্ডলিক কার্যালয়ত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্রশিক্ষণ মহা অভিযানত অংশগ্ৰহণ কৰি দলীয় কৰ্মকৰ্তাসকলৰ সৈতে মত-বিনিময় কৰে। শ্ৰী সোণোৱালে এই মহা অভিযানৰ সৈতে সংগতি ৰাখি এখন প্ৰদৰ্শনী মুকলি কৰে। তেওঁ কয়, যে ভাৰতীয় জনত...

July 11, 2026 6:50 PM

views 6

আজি বিশ্ব জনসংখ্যা দিৱস

আজি বিশ্ব জনসংখ্যা দিৱস। মাতৃ আৰু শিশুৰ সুস্বাস্থ্য সুনিশ্চিত কৰিবলৈ অনিচ্ছাকৃত গৰ্ভধাৰণ ৰোধ আৰু গৰ্ভধাৰণৰ ব্যৱধান বজাই ৰখাৰ প্ৰয়োজনীয়তাক মূলমন্ত্ৰ হিচাপে লৈ দেশৰ আন আন ৰাজ্যৰ দৰে অসমতো বিস্তৃত কাৰ্যসূচীৰে এই দিৱস পালন কৰা হয়। কামৰূপ মহানগৰ জিলাৰ ধীৰেণপাৰা FRU ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা আৰু স্...

July 11, 2026 6:51 PM

views 6

শিৱসাগৰৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান মুকলি

শিৱসাগৰ জিলাৰ ডিমৌ পৌৰসভাৰ উদ্যোগত ‘প্ৰতিঘৰ স্বচ্ছ, প্ৰতিঘৰ সুস্থ’ শীৰ্ষক ৪ মাহজোৰা স্বচ্ছতা অভিযান আজি জলসম্পদ আৰু ন্যায়িক বিভাগৰ মন্ত্ৰী সুশান্ত বৰগোহাঁইয়ে মুকলি কৰে। মন্ত্ৰীগৰাকীয়ে নগৰখন পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি ৰখাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় সহযোগিতা কামনা কৰে। তেওঁ কয়, যে এই অভিযানৰ জৰিয়তে ...

July 11, 2026 6:51 PM

views 4

আজি সন্ধিয়া ৭ বজাত ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল

ভাৰত আৰু ইংলেণ্ডৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি চাউথামটনৰ ইউটিলিটা বাওলত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭ বজাত আৰম্ভ হ'ব। ইংলেণ্ডে ইতিমধ্যে তিনিখন খেলতে বিজয় সাব্যস্ত কৰি শৃংখলাটো দখল কৰিছে।

July 11, 2026 6:27 PM

views 4

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন’ সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ’ব

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ দৃষ্টিপাত অনুষ্ঠানত আজি নিশা ৮ বাজি ২ মিনিটত ‘কৃষক পঞ্জীয়ন' সম্পৰ্কীয় আলোচনা প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানত অংশগ্ৰহণ কৰিব কৃষি বিভাগৰ সহকাৰী সঞ্চালক তথা ডিজিটেল কৃষি মিছনৰ ন'ডেল বিষয়া মানস প্রতীম মহন্ত আৰু কৃষক তথা সাংবাদিক বগা তপ্নই। অনুষ্ঠানটিৰ আঁত ধৰিব অৰূপ কুমাৰ শৰ্...