অসমৰ খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী কৌশিক ৰায়ে আজি আগৰতলাত ত্ৰিপুৰা চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা মন্ত্ৰী সুশান্ত চৌধুৰীৰ সৈতে এখন বৈঠকত অংশগ্ৰহণ কৰে ৷ এই বৈঠকত খাদ্য সুৰক্ষা, ৰাজহুৱা বিতৰণ ব্যৱস্থাৰ অধিক ফলপ্ৰসু কৰি তোলাৰ লগতে জনকল্যাণমূলক আঁচনিসমূহৰ ৰূপায়ণ, সেৱাৰ পৰিসৰ সম্প্ৰসাৰণ সন্দৰ্ভত আলোচনা কৰা হয়।
মন্ত্রীদ্বয়ে বৈঠকত দুয়োখন ৰাজ্যৰ অভিজ্ঞতা আৰু পদ্ধতিসমূহ সন্দৰ্ভত আলোচনা কৰে। বৈঠকৰ অন্তত মন্ত্ৰী শ্ৰীৰায়ে কয় যে আন্তঃৰাজ্যিক সহযোগিতা আৰু পাৰস্পৰিক শিক্ষাৰ জৰিয়তে জনকল্যাণমূলক সেৱাসমূহ অধিক ফলপ্ৰসুভাৱে জনসাধাৰণলৈ আগবঢ়াই নিয়াত সুবিধা হ’ব।
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সমন্বিত প্ৰচেষ্টা আৰু আন্তঃৰাজ্যিক সহযোগিতাৰ জৰিয়তে অন্তোদয়া আঁচনিৰ লক্ষ্য সাৰ্থক কৰাৰ দিশত চৰকাৰ দৃঢ় প্রতিজ্ঞ বুলি তেওঁ কয়।
খাদ্য আৰু গ্ৰাহক কল্যাণ সম্পৰ্কীয় কার্যসূচীসমূহ অধিক সু-সংগতভাৱে ৰূপায়ন কৰাৰ লগতে অসম আৰু ত্ৰিপুৰাৰ মাজৰ সহযোগিতামূলক সম্পর্ক অধিক শক্তিশালী কৰাৰ ক্ষেত্ৰত এই বৈঠকে ইতিবাচক ভূমিকা গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে।