● ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা আয়ৰ প্ৰমাণ-পত্র অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিব বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰিছে। এই সন্দৰ্ভত অচিৰেই চৰকাৰী জাননী প্ৰেৰণ কৰিবলৈ মুখ্যমন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুক আহ্বান জনাইছে। কালি ধেমাজি আৰু ডিগবৈত মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ হৈ পঞ্চায়ত নিৰ্বাচন প্ৰচাৰ চলোৱাৰ সময়ত মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই কথা ঘোষণা কৰিছে। তেওঁ কয়, যে ছাত্ৰ-ছাত্ৰীসকলে এতিয়াৰে পৰা মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে গাঁওবুঢ়া, মৌজাদাৰ বা চক্রবিষয়াৰ পৰা আয়ৰ প্ৰমাণ-পত্ৰ নানিলেও হ’ব। ইয়াৰ পৰিৱৰ্তে ছাত্র- ছাত্ৰীসকলে মহাবিদ্যালয়ৰ অধ্যক্ষক ৰেচন কাৰ্ডখন দেখুৱালেই বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিয়া হ’ব বুলি তেওঁ কয়।
Assamese | April 22, 2025 9:58 AM | Assam Education | Chief Minister Himanta Biswa Sarma | CMO Assam
ৰেচন কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীয়ে আয়ৰ প্ৰমাণ-পত্ৰ অবিহনে মহাবিদ্যালয়ত বিনামূলীয়াকৈ নামভৰ্তি কৰিব পাৰিবঃ মুখ্যমন্ত্ৰী