ৰাছিয়াৰ ছেণ্ট পিটাৰ্ছবাৰ্গৰ তেলৰ টার্মিনেলত ইউক্রেইনে আজি এটা ড্রোন আক্রমণ কৰে। ৰাছিয়াৰ কৰ্তৃপক্ষই দাবী কৰা অনুসৰি বায়ু প্ৰতিৰক্ষা প্ৰণালীয়ে চহৰখন আৰু ইয়াৰ আশে-পাশে অঞ্চলসমূহৰ ওপৰত কেইবা ডজন ইউক্রেইনৰ ড্রোনক প্রতিহত কৰে।
ছেণ্ট পিটাৰ্ছবাৰ্গৰ গৰ্ভনৰ আলেকজেণ্ডাৰ বেগল’ভে কয়, যে এই আক্ৰমণত বাল্টিক সাগৰৰ সমীপৰ কিৰ’ভস্কি জিলাক লক্ষ্য কৰি লোৱা হৈছিল। তেওঁ আৰু কয়, যে ৰাছিয়াৰ বায়ু প্ৰতিৰক্ষাই দেশখনৰ দ্বিতীয় বৃহত্তম চহৰ আৰু চুবুৰীয়া অঞ্চলটোৰ ওপৰত ইউক্রেইনে ৭২টা ড্রোন নিক্ষেপ কৰিছিল।
ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ’ল’ডিমিৰ জেলনস্কিয়ে এই আক্ৰমণক ইউক্রেইনৰ ৰাছিয়াৰ বিৰুদ্ধে থকা দীৰ্ঘম্যাদী নিষেধাজ্ঞাৰ অংশ বুলি অভিহিত কৰে। তেওঁ কয়, যে ইউক্রেইনৰ বাহিনীয়ে ৰাছিয়াৰ বন্দৰ সমীপৰ তেলৰ আন্তঃগাঁথনিৰ লগতে ছেণ্ট পিটাৰ্ছবাৰ্গৰ উপকূলৰ ওচৰত অৱস্থিত ক্ৰনষ্টেড দ্বীপত থকা সামৰিক ঘাটিবোৰক লক্ষ্য কৰি লোৱা লৈছিল।