October 6, 2026 8:00 PM
11
ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস ৰাছিয়াৰ
ৰাছিয়াৰ প্ৰতিৰক্ষা ব্যৱস্থাই যোৱা নিশা ৰাছিয়া অধিকৃত ক্ৰিমিয়া উপদ্বীপ আৰু আজভ সাগৰকে ধৰি কেইবাটাও অঞ্চলত ৯০০খন ইউক্রেনৰ ড্রোণ ধ্বংস কৰিছে। মস্কোৰ মেয়ৰ ছেৰগেই ছ'বিয়ানে প্ৰকাশ কৰা অনুসৰি যোৱা নিশা মস্কোলৈ লক্ষ্য কৰি ৬৫০খন ড্রোণ প্ৰেৰণ কৰা হৈছিল। তাৰ ভিতৰত ১০৫খন ড্রোণ ৰাছিয়াৰ ৰাজধানীৰ সমীপত ধ্বংস কৰা হৈছিল। মেয়ৰগৰাকীয়ে লগতে কয় যে কালি দিনৰ ভাগতো ৬৮খন ড্রোণ ধবংস কৰা হৈছিল।