ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে কৈছে যে ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’ব। ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰ’ৱে এদিন পূর্বে ইউক্রেইনক ২৬খন দেশে সুৰক্ষা নিশ্চয়তা প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পাছতে ভ্লাডিমিৰ পুটিনে ভ্লাডিভষ্টকত অনুষ্ঠিত এখন অর্থনৈতিক মঞ্চত আজি এই কথা ঘোষণা কৰে। তেওঁ লগতে এই কথাও কয় যে নাটোৱে কীভক সদস্য হিচাপে গ্ৰহণ কৰাৰ লগতে ইউক্রেইনত সেনা নিয়োগ কৰাৰ বাবেই ৰাছিয়াই ইউক্রেইন আক্ৰমণ কৰিছিল।
Assamese | September 5, 2025 9:12 PM | Akashvani | Akashvani News | international news | Putin | Russia Vs Ukraine
ইউক্রেইনত নিয়োজিত পশ্চিমীয়া দেশসমূহৰ সেনাও মস্কোৰ আক্ৰমণৰ লক্ষ্য হ’বঃ ভ্লাডিমিৰ পুটিন