অসমে আজি উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত আজি ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ ছোৱালীৰ বীচ্চ হেণ্ডবল দল আজি ছেমি ফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন পুৱা প্ৰায় ১০ বজাত আৰম্ভ হ’ব। স্কোৱাছত মনশ্ৰী ৰাজস্থানৰ ছাৱিৰ সন্মুখীন হ’ব। এই শিতানৰ মহিলাৰ দলীয় শাখাত অসম, তামিলনাডুৰ আৰু পুৰুষৰ দলীয় শাখাত অসম উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। ভাৰোত্তোলনত আজি পঞ্চমী সোণোৱাল আৰু বৰ্ণালী বৰাই প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হ’ব। একেদৰে ট্ৰাইথলনত তুষাৰ ডেকা, নুপুৰ ডেকা আৰু দেৱীকা শৰ্মাই প্ৰতিদ্বন্দ্বিতা আগবঢ়াব।
Assamese | January 30, 2025 2:10 PM | 38th national games uttarakhand | Football | SPORTS
৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত শিতানত অসমৰ প্ৰতিদ্বন্দ্বিতা