February 9, 2025 9:04 PM

views 36

ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো গুৱাহাটীত উপস্থিত

উত্তৰাখণ্ডত চলি থকা ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত পদক জয় কৰা অসমৰ বক্সিং দলটো আজি গুৱাহাটীত উপস্থিত হৈছে। বিমানযোগে অহা খেলুৱৈকেইগৰাকীক বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰত আদৰণি জনোৱা হয়। অসম বক্সিং সন্থাৰ বিষয়ববীয়াসকলে স্বর্ণপদক জয়ী অংকুশিতা বড়ো, ৰূপৰ পদক জয়ী শিৱ থাপা আৰু অভিনৱ শ‍ইকীয়াক আদৰণি আৰু সম্বৰ্দ্ধনা জনায়। ক্রীড়া সমাৰোহখনত ব্ৰঞ্জৰ পদক জয় কৰা আইকন মিলিকো অসম বক্সিং সন্থাই সম্বৰ্দ্ধনা জনায়।

February 2, 2025 7:31 PM

views 29

ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাৰ ৰূপৰ পদক অৰ্জন; অসমৰ পদক ১৩ টালৈ বৃদ্ধি

ৰাষ্ট্ৰীয় ক্রীড়াত অসমৰ ভাৰোত্তোলক মৃদুস্মিতা বৰুৱাই আজি ৰূপৰ পদক অৰ্জন কৰে। ভাৰোত্তোলকগৰাকীয়ে ৮৭ কিলোগ্রাম শাখাত ভাগ লৈ স্লেটছত ৯৫ কিলোগ্ৰাম আৰু ক্লিন এণ্ড জাৰ্কত ১১৩ কিলোগ্রাম ভাৰোত্তোলনেৰে ৰূপৰ পদক দখল কৰিবলৈ সক্ষম হৈছে। মৃদুস্মিতা বৰুৱাৰ সফলতাৰে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ পদক ১৩ টালৈ বৃদ্ধি পাইছে। আজি কমনৱেল্থ গেমছত লন বলত পদক লাভ কৰা নয়নমণি শ‍ইকীয়াও খেলি আছে। একেটা প্রতিযোগিতাৰ মহিলাৰ দলীয় শাখাতো আজি অসম দলে প্রতিদ্বন্দিতা কৰিছে। আজিৰ দিনটোতে অসমৰ অলিম্পিয়ান ...

February 2, 2025 11:33 AM

views 26

উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত অসমৰ ১২ টা পদক লাভ

অসমে উত্তৰাখণ্ডত চলি থকা ৰাষ্ট্ৰীয় ক্রীড়া সমাৰোহত বৰ্তমানলৈকে ১২ টা পদক লাভ কৰিছে। অসমে কালি ৩টা ৰূপ আৰু এটা ব্ৰঞ্জৰ পদক লাভ কৰে। ইয়াৰে ভিতৰত অসমে সাঁতোৰত দুটা, ভাৰোত্তলনত আৰু উদ্ভুত একোটাকৈ পদক অৰ্জন কৰে। বিক্ৰম চাংমাই পুৰুষৰ ২০০ মিটাৰ বাটাৰফ্লাইত ৰূপৰ পদক লাভ কৰে আৰু মহিলাৰ একেটা শিতানত আস্থা চৌধুৰীয়ে ব্ৰঞ্জৰ পদক হস্তগত কৰে। ভাৰোত্তোলনত সুদিত্য বৰুৱাই কালি অসমক তৃতীয়টো পদক দিয়ে। সুদিত্যই পুৰুষৰ ৮৯ কিলোগ্রাম ওজন শাখাত স্নেছত শিতানত ১৪১ কিলোগ্রাম আৰু ক্লিন এণ্ড জার্ক শিতানত ১৭৮ কিলোগ্রাম...

January 30, 2025 2:10 PM

views 30

৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত শিতানত অসমৰ প্ৰতিদ্বন্দ্বিতা

অসমে আজি উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্রীড়াত আজি ফুটবল, স্কোৱাছ, উশু, শুটিং, ট্রাইথলন, বীচ্চ হেণ্ডবল, চাইক্লিং আৰু ভাৰোত্তোলন শিতানত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। ৰাজ্যৰ ছোৱালীৰ বীচ্চ হেণ্ডবল দল আজি ছেমি ফাইনেলত কেৰালাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন পুৱা প্ৰায় ১০ বজাত আৰম্ভ হ'ব। স্কোৱাছত মনশ্ৰী ৰাজস্থানৰ ছাৱিৰ সন্মুখীন হ'ব। এই শিতানৰ মহিলাৰ দলীয় শাখাত অসম, তামিলনাডুৰ আৰু পুৰুষৰ দলীয় শাখাত অসম উত্তৰ প্ৰদেশৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ভাৰোত্তোলনত আজি পঞ্চমী সোণোৱাল আৰু বৰ্ণালী বৰাই প্ৰতিদ্ব...