ভাৰতে মহিলাৰ এছিয়া কাপ টি-২০ ক্রিকেট প্রতিযোগিতাৰ ফাইনেলত প্রবেশ কৰিছে। ভাৰতে যোৱা নিশা ডুবাইত অনুষ্ঠিত প্রথমখন ছেমি ফাইনেলত বাংলাদেশক ৪০ ৰাণত পৰাস্ত কৰে। বাংলাদেশে ১৫০ ৰাণৰ বিজয়লক্ষ্যৰে খেল আৰম্ভকৰি নিৰ্ধাৰিত ২০ অভাৰত ৭টা উইকেট হেৰুৱাই ১০৯ ৰাণহে কৰিবলৈ সমর্থ হয়। বাংলাদেশৰ হৈ স্বর্ণা অকতাৰে সর্বাধিক ২২ ৰাণ কৰি আউট নোহোৱাকৈ থাকে। ভাৰতৰ দিপ্তী শৰ্মাই তিনিটা আৰু নন্দিনী শর্মাই দুটা উইকেট দখল কৰে। ইয়াৰ পূর্বে ভাৰতে প্রথমে বেট ধৰাৰ আমন্ত্রণ লাভ কৰি নিৰ্ধাৰিত ২০ অভাৰত ছটা উইকেটৰ বিনিময়ত ১৪৯ ৰাণ কৰে। ভাৰতৰ হৈ অপেনাৰ শ্বেফালী বার্মাই ৪০টা বলত ৬৪ ৰাণ কৰে। শ্বেফালী বার্মাক প্লেয়াৰ অব মেচ হিচাপে ঘোষণা কৰা হয়।
ডুবাইত আজি হ’বলগীয়া প্রতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তান শ্রীলংকাৰ বিৰুদ্ধে অবতীর্ণ হ’ব। খেলখন ভাৰতীয় সময় অনুসৰি নিশা ৮ বজাত অনুষ্ঠিত হ’ব। খেলখনৰ বিজয়ী দলটো দেওবাৰে ফাইনেলত ভাৰতৰ সন্মুখীন হ’ব।