● দুদিনীয়া ভ্ৰমণসূচীৰে অহা ২০ ডিচেম্বৰত অসমলৈ আহিবলগীয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাজ্যখনৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশ ল’ব। প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত জাতীয় জীৱন সংগ্ৰামৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে অসম আন্দোলনত প্ৰাণ আহুতি দিয়া ৮৬০ গৰাকী বীৰ ছহিদক প্ৰণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। প্ৰধানমন্ত্ৰীৰ আগমনৰ পূর্বে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰাগাঁৱত উপস্থিত হৈ যাৱতীয় প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। তেওঁ লগতে এই অনুষ্ঠান সাফল্যমণ্ডিত কৰাৰ বাবে সংশ্লিষ্ট বিষয়াসকলক যাৱতীয় নির্দেশ প্রদান কৰে।
Assamese | December 18, 2025 12:16 PM | Akashvani | Akashvani Guwahati | narendra modi | Narendra Modi Assam Visit | PMO India | PMO Modi
২০ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব প্ৰধানমন্ত্ৰী মোদী