কামৰূপ জিলাৰ ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে আজি এটা ৰায়যোগে হত্যাকাণ্ডৰ অপৰাধত ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন হৈছে উত্তৰ গুৱাহাটীৰ ফুলুং গাঁৱৰ একেটা পৰিয়ালৰ তফাইল আহমেদ, ইলিজা বেগম, ৰুকিয়া ছিদ্দিকা আৰু লুতফুৰ ৰহমান। ২০১৮ চনৰ ১৬ জানুৱাৰীত এই লোক কেইজনে তেওঁলোকৰ পৰিয়ালৰ এজন সদস্যক হত্যা কৰা বুলি বাইহাটা চাৰিআলিৰ থানাত এজাহাৰ দাখিল কৰা হৈছিল। এই এজাহাৰৰ ভিত্তিত ৰুজু হোৱা গোচৰটোৰ ৮ বছৰজোৰা বিচাৰ প্ৰক্ৰিয়াৰ অন্তত আজি আদালতে ৰায় দিয়ে।
Assamese | January 19, 2026 6:51 PM | Akashvani | Akashvani Guwahati | Akashvani News | Local news
হত্যাকাণ্ডৰ অপৰাধত ৰঙিয়াৰ অতিৰিক্ত জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতৰ ৪ জন লোকক যাৱজ্জীৱন কাৰাদণ্ড