মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে এটা নতুন ৰাজনৈতিকক দল গঠন কৰিছে। মুখ্যমন্ত্রী মমতা বেনাৰ্জী এসময়ৰ ঘণিষ্ঠ বুলি জনাজাত তৃণমূল কংগ্ৰেছৰ এই প্রাক্তন বিধায়কজনে মুর্চিদাবাদ জিলাৰ বেলদাংগাত বাবৰি মছদিজ নিৰ্মাণৰ পৰিকল্পনাৰ কথা ৰাজহুৱাভাৱে ঘোষণা কৰাৰ পাছতে হুমায়ুন কবিৰক দলৰ পৰা বহিস্কাৰ কৰা হৈছিল। নতুন দলটোৰ ঘোষণা কৰি বিধায়কজনে কয় যে তৃণমূল কংগ্ৰেছ আৰু বিজেপি দললৈ প্ৰত্যাহ্বান জনাই দুয়োটা দলক নিৰ্বাচনত পৰাভূত কৰাই দলটোৰ উদ্দেশ্য। ইপিনে, নতুন দলটোৰ গঠন সন্দৰ্ভত বিজেপিৰ ৰাজ্যিক সভাপতি আৰু ৰাজ্যসভাৰ সাংসদ সমিক ভট্টাচাৰ্যই জনতা উন্নয়ন নামৰ এই দলটো তৃণমূল কংগ্ৰেছ দলৰে এটা নতুন শাখা বুলি অভিহিত কৰে।
Assamese | December 22, 2025 8:13 PM | Akashvani | Akashvani News | Political News
মুৰ্ছিদাবাদৰ ভৰতপুৰৰ তৃণমূল কংগ্ৰেছৰ নিলম্বিত বিধায়ক হুমায়ুন কবিৰে জনতা উন্নয়ন দল নামেৰে নতুন ৰাজনৈতিকক দল গঠন কৰিছে