মানুহ-বন্যপ্ৰাণীৰ সংঘাতত প্রাণহানি হোৱা ব্যক্তিৰ পৰিয়ালে যাতে ঘটনাৰ ৭২ ঘণ্টাৰ ভিতৰতে চৰকাৰৰ ৬ লাখ টকাৰ এককালীন সাহায্য লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন নির্দেশনা জাৰি কৰিছে।
এই সন্দৰ্ভত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে জাৰি কৰা এছ অ’ পি অনুসৰি এতিয়াৰেপৰা বাজেটত এই সন্দৰ্ভত পৃথক ধন আৱণ্টন দিয়াৰ লগতে জিলা প্রশাসনকো আগতীয়াকৈ নিৰ্ধাৰিত সাহায্যৰ ধন প্ৰদানৰ ব্যৱস্থা কৰা হ’ব।
বন্যপ্ৰাণীৰ আক্ৰমণত মৃত্যু হোৱা ব্যক্তিগৰাকীৰ নিকটাত্মীয়ই যাতে ৪৮ৰ পৰা ৭২ ঘণ্টাৰ ভিতৰতে চৰকাৰী সাহায্য লাভ কৰে, তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই এই নতুন ব্যৱস্থা গ্ৰহণ কৰা হৈছে। নিৰ্ধাৰিত ৬ লাখ টকাৰ সাহায্য ৰাশিৰ ৪ লাখ টকা ৰাজ্যিক দুৰ্যোগ সঁহাৰি পুঁজিৰ পৰা আৰু ২ লাখ টকা ৰাজ্য চৰকাৰৰ আন এটা নিৰ্ধাৰিত শিতানৰ পৰা জিলা আয়ুক্তই মুকলি কৰিব পাৰিব।