মাজুলী জিলাৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত হৈছে। অহা ৯ জানুৱাৰীলৈ মুকলি থাকিবলগীয়া এই মেলা ক্ষুদ্ৰ, লঘু আৰু মজলীয়া উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত অসম ক্ষুদ্র উদ্যোগ বিকাশ লিমিটেডৰ সৌজন্যত অনুষ্ঠিত হৈছে। আজি দিনৰ ১ বজাত বিধায়ক ভূৱন গামে মেলাৰ উদ্বোধন কৰে। জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ, মাজুলীৰ সহকাৰী প্ৰৱন্ধক জনার্দন দাসে আঁত ধৰা অনুষ্ঠানত জিলা আয়ুক্ত ৰাতুল চন্দ্ৰ পাঠক, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ প্ৰৱন্ধক ৰাজকুমাৰ বড়ি, জিলা পৰিষদৰ সভানেত্ৰী নৱনিতা দাস আদিকে ধৰি বিভিন্ন উদ্যোগৰ স্বত্বাধিকাৰী, থলুৱা উদ্যোগী আৰু ভালেসংখ্যক লোক উপস্থিত থাকে। মেলাখন উদ্বোধন কৰি বিধায়ক আৰু জিলা আয়ুক্তই এনে মেলাসমূহৰ জৰিয়তে থলুৱা উদ্যোগীসকল লাভান্বিত হোৱাৰ লগতে আর্থিকভাৱে স্বাৱলম্বী হোৱাৰ সুযোগ লাভ কৰিব বুলি মন্তব্য কৰে।
মেলাত মুঠ ৫০খন বিপণীয়ে অংশগ্ৰহণ কৰিছে। পুৱা ৯.৩০ বজাৰ পৰা নিশা ৮ বজালৈ মেলাথলী খোলা থাকিব বুলি আমাৰ মাজুলীৰ সংবাদদাতাই জনাইছে।
Assamese | January 6, 2026 7:23 AM | Akashvani | Akashvani News | Local news | Majuli | Swadeshi Mela
মাজুলীৰ গড়মূৰত আজিৰে পৰা জিলা উদ্যম সমাগম আৰু স্বদেশী মেলা ২০২৬ অনুষ্ঠিত