ভাৰতৰ মুঠ ঘৰুৱা উৎপাদনৰ বৰ্তমানৰ ৭ ৰ পৰা ৮ শতাংশ অতিক্ৰম কৰাৰ সামৰ্থ আছে বুলি বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই প্ৰকাশ কৰিছে। শ্ৰী বাংগাই গোলকীয় শক্তি খণ্ডৰ হেঁচা, বাণিজ্যিক অনিশ্চয়তা আৰু এল নিন’ৰ বিৰূপ প্ৰভাৱ স্বত্তেও দেশৰ শেহতীয়া অৰ্থনৈতিক প্রদর্শন যথেষ্ট ভাল বুলি অভিহিত কৰিছে।
আমেৰিকা যুক্তৰাষ্ট্ৰৰ উত্তৰ কেৰ’লিনাৰ এশ্বভিলত অনুষ্ঠিত জি টুইণ্টি ৰাষ্ট্ৰগোষ্ঠীৰ বিত্তমন্ত্ৰী সকলৰ বৈঠকত ভাগ লোৱাৰ সুযোগতে দিয়া এটা সাক্ষাৎকাৰত বিশ্ববেংকৰ অধ্যক্ষ গৰাকীয়ে কয় যে, বিকাশৰ শেহতীয়া পৰিসংখ্যাৰ পৰা ভাৰতৰ অৰ্থ ব্যৱস্থাৰ সামৰ্থ প্ৰতিফলিত হৈছে।
দেশখনত শেহতীয়াকৈ সেৱা আৰু ৰপ্তানিৰ লগতে বিনিয়োগ হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰী বাংগাই কয় যে, ভাৰতে পথ, দলং, বিমান বন্দৰ, শক্তি, বিদ্যুৎ আৰু ডিজিটেল ৰূপ প্ৰদানৰ ক্ষেত্ৰত উল্লেখনীয় কাম কৰিছে।