ভাষা আন্দোলনৰ প্ৰথম ছহিদ ৰণজিৎ বৰপূজাৰীৰ মৃত্যু দিৱস উপলক্ষে আজি কটন বিশ্ববিদ্যালয়ৰ ছহিদ ৰণজিৎ বৰপূজাৰী ছহিদবেদীৰ বাকৰিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়।
গুৱাহাটী ছাত্ৰ সন্থা, কটন বিশ্ববিদ্যালয়ৰ আছু গোট আৰু ছাত্ৰ একতা সভাই আয়োজন কৰা অনুষ্ঠানত বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° হীৰেন ডেকাই বন্তি প্ৰজলন কৰে।
ড° ডেকাই ছহিদগৰাকীক স্মৰণ কৰি কয় যে মাতৃভাষাৰ মৰ্যাদা আৰু জাতীয় স্বাভিমান ৰক্ষাৰ বাবে ৰণজিৎ বৰপুজাৰীৰ আত্মবলিদান চিৰদিন অসমবাসীৰ বাবে অনুপ্ৰেৰণাৰ উৎস হৈ ৰ’ব।
নতুন প্ৰজন্মই ছহিদসকলৰ আদৰ্শক হৃদয়ংগম কৰি অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু স্বকীয় বৈশিষ্ট সংৰক্ষণৰ ক্ষেত্ৰত দায়িত্বশীল ভূমিকা পালন কৰিব লাগিব বুলি তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে আজি আয়োজিত কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ চৌহদতে ১৯৬০ চনৰ ৪ জুলাইত আৰক্ষীৰ গুলিত কটন কলেজৰ ছাত্ৰ ৰণজিৎ বৰপূজাৰীয়ে প্ৰাণ হেৰুৱাইছিল।