প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে। তেওঁ কাইলৈও সন্মিলনত অধ্যক্ষৰ দায়িত্ব পালন কৰিব। ৰাষ্ট্ৰীয় উন্নয়নৰ অগ্ৰাধিকাৰৰ ক্ষেত্ৰত নিৰন্তৰ আলোচনাৰ মাধ্যমেৰে কেন্দ্ৰ আৰু ৰাজ্যৰ মাজত সহযোগিতা সুদৃঢ় কৰাই এই সন্মিলনৰ মূল উদ্দেশ্য। সন্মিলনত এটা উমৈহতীয়া উন্নয়নমূলক কাৰ্যসূচী চূড়ান্ত কৰাৰ লক্ষ্যৰে গুৰুত্বপূৰ্ণ আলোচনা অনুষ্ঠিত হ’ব। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সহযোগিতামূলক যুক্তৰাষ্ট্ৰবাদৰ দৃষ্টিভংগী অনুযায়ী আয়োজন কৰা এই সন্মিলনে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক একেখন মঞ্চত উপবিষ্ট কৰি দেশৰ মানৱ মূলধন সম্ভাৱনা আৰু সৰ্বাত্মক তথা ভৱিষ্যমুখী বিকাশ তৰান্বিত কৰিব। এই সন্মিলনত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ বাবে মানৱ মূলধন বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা হ’ব। প্ৰাৰম্ভিক শৈশৱকালৰ শিক্ষা, স্কুলীয়া শিক্ষা, উচ্চ শিক্ষা, ক্রীড়া, দক্ষতা বিকাশ আৰু পাঠ্যক্ৰম বর্হিভূত কাম-কাজক লৈ সন্মিলনত আলোচনা কৰা হ’ব। এই সন্মিলনত মুখ্য সচিব, সকলো ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়া আৰু বিশেষজ্ঞসকলে অংশগ্রহণ কৰিছে।
Assamese | December 27, 2025 7:06 PM | Akashvani | Akashvani News | narendra modi | PMO Modi
প্রধানমন্ত্ৰী মোদীয়ে দিল্লীত অনুষ্ঠিত মুখ্য সচিবসকলৰ পঞ্চম ৰাষ্ট্ৰীয় সন্মিলনত অধ্যক্ষতা কৰিছে