নাগালেণ্ড চৰকাৰে পেৰিছ পেৰালিম্পিকৰ পুৰুষৰ এফ ফিফটি ছেভেন শিতানৰ শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ ডেৰ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা কৰিছে। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ’ই সামাজিক মাধ্যম এক্সযোগে কৈছে যে, হোকাটো হোটোজে চেমাই পেৰিছ পেৰালিম্পিকত ব্ৰঞ্জৰ পদক অৰ্জন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ বিষয়। ৰাজ্য চৰকাৰে অৰ্জুন বঁটাৰ বাবে খেলুৱৈগৰাকীৰ নাম মনোনীত কৰিব বুলি তেওঁ প্ৰকাশ কৰে।
Assamese | September 7, 2024 9:16 PM | Akashvani Guwahati | Assamese News | Nagaland: | Paris Peralympics | SPORTS
পেৰালিম্পিকত শটপুটত ব্ৰঞ্জৰ পদক অৰ্জন কৰা হোকাটো হোটোজে চেমালৈ নাগালেণ্ড চৰকাৰৰ ১.৫ কোটি টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱাৰ কথা ঘোষণা