● আফগানিস্তানৰ বিদেশ মন্ত্ৰী আমিৰ খান মুট্টাকীয়ে কৈছে যে পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত দেশখনে নিজৰ উদ্দেশ্যত সফল হৈছে। নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰীমুট্টাকীয়ে কয়, যে পাকিস্তানৰ আক্ৰমণৰ পাছতেই আফগানিস্তানে মাত্ৰ এটা সামৰিক অভিযান কৰিছিল। বর্তমান ভাৰতত থকা আফগানিস্তানৰ বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা মতে কাটাৰ আৰু অন্যান্য আৰৱ ৰাষ্ট্ৰৰ লেখীয়া আফগানিস্তানৰ বন্ধু ৰাষ্ট্ৰসমূহে যুদ্ধ বন্ধ কৰিবলৈ দেশখনক অনুৰোধ জনাইছিল। তেওঁ কয় যে যুদ্ধৰ জৰিয়তে কোনো সমস্যাৰ সমাধান নহয়, বৰং আলোচনাৰ মাধ্যমহেৰে ই সম্ভৱ হ’ব পাৰে।
Assamese | October 14, 2025 11:44 AM | Afganistan | Akashvani | Akashvani News | Pakistan-Afganistan
পাকিস্তানৰ সৈতে থকা সীমা বিবাদ সন্দৰ্ভত আফগানিস্তানে নিজৰ উদ্দেশ্যত সফল হৈছে